
নতুন দিল্লী, ১১ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰণৱ মুখাৰ্জী আছিল এজন উচ্চ ৰাজনীতিবিদ, যাৰ প্ৰজ্ঞা আৰু স্পষ্ট চিন্তাধাৰাই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালী কৰি তুলিছিল।
ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পৃথক পৃথক পোষ্টত তেওঁ কয় যে প্ৰণৱ মুখাৰ্জীৰ বৌদ্ধিক অৱদান আৰু গভীৰ চিন্তাধাৰাই ভাৰতৰ গণতান্ত্ৰিক যাত্ৰাক সমৃদ্ধ কৰি তুলিছে। তেওঁৰ সৈতে বছৰ বছৰ ধৰি কৰা যোগাযোগে বহু কথা শিকিবলৈ সুযোগ দিছিল, যিয়ে সদায় অনুপ্ৰাণিত কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজহুৱা জীৱনৰ দশকবোৰত প্ৰণৱ মুখাৰ্জীয়ে নিষ্ঠাৰে জাতিটোৰ সেৱা কৰিছিল আৰু তেওঁৰ পথ প্ৰদৰ্শনে শাসন ব্যৱস্থা গঢ় দিছিল। প্ৰণৱ বাবুৰ চিন্তা আৰু কৰ্মই ভাৰতৰ প্ৰগতিৰ পথ আলোকিত কৰি থাকিব।
हिन्दुस्थान समाचार / অৰৱিন্দ