
শিৱসাগৰ, ১১ ডিচেম্বৰ (হি.স.)। শিৱসাগৰত গড়ৰ আক্ৰমণত এজন আহত ৷ আহত ব্যক্তিজনৰ নাম দীপাংকৰ কোঁৱৰ বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে৷ গৌৰীসাগৰৰ ভিতৰুৱাল জকাইচুক পথাৰত সংঘটিত হৈছে উক্ত আক্ৰমণৰ ঘটনাটো ৷ আজি পুৱা প্ৰায় ৯ মান বজাত সংঘটিত হৈছে উক্ত আক্ৰমণৰ ঘটনাটো ৷পথাৰত ঘাহঁ কাটিবলৈ গৈছিল দীপাংকৰ কোঁৱৰে ৷
আজি পুঁৱাৰ ভাগত সেই অঞ্চলত আবিৰ্ভাৱ ঘটিছিল গড়টোৰ ৷ইতিমধ্যে শৰীৰৰ বিভিন্ন স্থানত আঘাতপ্ৰাপ্ত দীপাংকৰক স্থানীয় ৰাইজে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছে ৷ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক ৷উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ আতংকৰ ৷ ইয়াৰ পুৰ্বেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা সময়ে সময়ে ওলাই অহা গড়ে জনাঞ্চলত প্ৰৱেশ কৰি ৰাইজক আক্ৰমণ কৰাৰ ঘটনা জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ