শোণিতপুৰত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন
শোণিতপুৰ, ১১ ডিচেম্বৰ (হি.স.)। প্ৰতিবছৰে ভাৰতত ১ ৰ পৰা ১৯ বছৰ বয়সৰ প্ৰতিগৰাকী শিশুৰ স্বাস্থ্য সুৰক্ষাৰ উদ্দেশ্যে পালন কৰা হয ৷ এই দিৱসত সকলো শিশু আৰু কিশোৰ-কিশোৰীয়াক পেলু নাশক ঔষধ প্ৰদান কৰা হয় ৷ যাতে তেওঁলোকে কৃমি জনিত ৰোগ, অপুষ্টি সমস্যাৰ পৰা
ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস


ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস


শোণিতপুৰ, ১১ ডিচেম্বৰ (হি.স.)। প্ৰতিবছৰে ভাৰতত ১ ৰ পৰা ১৯ বছৰ বয়সৰ প্ৰতিগৰাকী শিশুৰ স্বাস্থ্য সুৰক্ষাৰ উদ্দেশ্যে পালন কৰা হয ৷ এই দিৱসত সকলো শিশু আৰু কিশোৰ-কিশোৰীয়াক পেলু নাশক ঔষধ প্ৰদান কৰা হয় ৷ যাতে তেওঁলোকে কৃমি জনিত ৰোগ, অপুষ্টি সমস্যাৰ পৰা ৰক্ষা পাই সুস্থ জীৱন যাপন কৰিব পাৰে । বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰসমূহত পেলু নাশক ঔষধ বিনামূলীয়া কৈ প্ৰদান কৰা হয় ৷

সেই উপলক্ষে শোণিতপুৰ জিলাত আজি “ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস ২০২৫”ৰ জিলা-ভিত্তিক শুভাৰম্ভ অনুষ্ঠান তেজপুৰস্থিত ১ নং ঔগুৰি প্ৰাথমিক বিদ্যালয়ত উৎসাহজনক পৰিৱেশত অনুষ্ঠিত হয়। পেলু ৰোগ প্ৰতি জনসচেতনতা সৃষ্টি, স্বাস্থ্যসেৱাৰ অভিগম্যতা বৃদ্ধি আৰু বিদ্যালয়পৰ্য্যায়ৰ শিশুসকলৰ মাজত স্বচ্ছতা-স্বাস্থ্যৰ অভ্যাস গঢ়ি তোলাৰ লক্ষ্য অৰ্জন কৰিবলৈ মুখ্যভাৱে এই দিৱসটোৰ আয়োজন কৰা হয়। বিশেষভাবে, পেলু ৰোগৰ বিস্তৃতি ৰোধ কৰিবলৈ শিশু আৰু কিশোৰ-কিশোৰীসকলক Albendazole টেবলেট প্ৰদান কৰাটো এই দিনৰ অন্যতম প্ৰধান অংশ। Albendazole টেবলেটে শৰীৰৰ ভিতৰত থকা নানান প্ৰকাৰৰ পেলু ধ্বংস কৰি শিশুসকলৰ সু স্বাস্থ্য, পুষ্টি, মানসিক বিকাশ আৰু বিদ্যালয় উপস্থিতিত ইতিবাচক প্ৰভাৱ পেলাই।

অনুষ্ঠানটোত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা. বিমান শৰ্মা উপস্থিত থাকি উদ্যোগটোৰ প্ৰাসংগিকতা বৰ্ণনা কৰাৰ লগতে সমাজৰ সকলো স্তৰে স্বাস্থ্যজনিত সমস্যা দূৰীকৰণত একেলগে আগবাঢ়িব লাগিব বুলি আহ্বান জনায়। জিলা অনুষ্ঠান বিষয়া বিনয় দাসে পেলু ৰোগ নিৰ্মূলকৰণৰ বিভিন্ন কৰ্মসূচী আৰু গৃহীত পদক্ষেপসমূহৰ বিষয়ে বিশেষভাবে বক্তব্য আগবঢ়ায়। লগতে নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডা. ৰবিন্দ্ৰ কুমাৰ দেবনাথ এ Albendazole টেবলেটৰ সঠিক ব্যৱহাৰ, উপকাৰিতা, আৰু শিশুসকলক পেলুৰ পৰা সুৰক্ষিত ৰাখিবলৈ অভিভাৱকৰ ভূমিকা সম্পৰ্কে মূল্যবান মন্তব্য প্ৰদৰ্শন কৰে।

এই বিশেষ অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, আশা কৰ্মীসকল, স্থানীয় লোকসকলৰ সক্ৰিয় অংশগ্ৰহণে অনুষ্ঠানটো অধিক দীপ্তিময় কৰি তোলে, যাৰ ফলস্বৰূপে পেলু নিৰ্মূল আৰু স্বাস্থ্য-সচেতন সমাজ গঠন কৰিবলৈ এক দৃঢ় পদক্ষেপ আগবাঢ়িছে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande