
নলবাৰী, ১১ ডিচেম্বৰ (হি.স.)। ৰাজ্যৰ আন আন ঠাইৰ সমান্তৰালকৈ
নলবাৰীত প্ৰতিবাদ মুখৰ হৈ পৰে যুৱ ছাত্ৰ পৰিষদ। আজি সংশোধিত নাগৰিকত্ব আইন চমুকৈ কা আইন জাপি দিয়াৰ দিন। এই দিনটো ক'লা দিন হিচাপে আখ্যা দি আজি প্ৰতিবাদ মুখৰ হৈ পৰে যুৱ ছাত্ৰ পৰিষদ।
নলবাৰীত নলবাৰী জিলা যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কা আইন বাতিলৰ দাবীত এইদৰে আজি নলবাৰীত যুৱ ছাত্ৰ পৰিষদৰ নেতা কৰ্মী সকলে মুখত ক'লা কাপোৰ বান্ধি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা