
মৰিগাঁও, ১১ ডিচেম্বৰ (হি.স.)। মৰিগাঁও নগৰৰ লঠাবৰিত আজি এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। বাইকেৰে গৈ থাকোতে ট্ৰাকৰ তলত সোমাই ঠাইতে নিহত হয় এগৰাকী মহিলা।
প্ৰাপ্ত তথ্য়মতে, এএছ ২১ ই ২৪৭১ নম্বৰৰ মটৰ চাইকেল খনৰে পতি-পত্নীয়ে লাহৰীঘাট দিশৰ পৰা মৰিগাঁও অভিমুখে আহি আছিল।
তেনে সময়তে এএছ ০১ আৰচি ৪৬৩৩ নম্বৰৰ এলপিজি চিলিণ্ডাৰ ভৰ্তি ট্ৰাক খনে পিছপিনৰ পৰা খুন্দা মাৰে। ফলত ট্ৰাকৰ চকাৰ তলত সোমাই ঠাইতে নিহত হয় মটৰ চাইকেল আৰোহী মহিলা গৰাকী। পথ দুৰ্ঘটনাত মৃত মহিলা গৰাকী টকুনাবৰীৰ আশ্বাৰুন নেচা বুলি জানিব পৰা গৈছে।
অন্যহাতে পথ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰাকৰ চালক জনক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা