টিএমচিৰ সাংসদে লোকসভাত ই-চিগাৰেট সেৱন কৰাৰ অভিযোগ অনুৰাগ ঠাকুৰৰ
নতুন দিল্লী, ১১ ডিচেম্বৰ (হি.স.)। লোকসভাত বৃহস্পতিবাৰে বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে সদনৰ ভিতৰতে ই-চিগাৰেট সেৱন কৰা তৃণমূল কংগ্ৰেছৰ এগৰাকী সাংসদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগে লগে লোকসভাত হুলস্থুলৰ সৃষ্টি হয়। কাৰো নাম নোলোৱাকৈয়ে ঠাকুৰে ক
भाजपा सांसद अनुराण ठाकुर गुरुवार को लोकसभा में


নতুন দিল্লী, ১১ ডিচেম্বৰ (হি.স.)। লোকসভাত বৃহস্পতিবাৰে বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে সদনৰ ভিতৰতে ই-চিগাৰেট সেৱন কৰা তৃণমূল কংগ্ৰেছৰ এগৰাকী সাংসদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগে লগে লোকসভাত হুলস্থুলৰ সৃষ্টি হয়। কাৰো নাম নোলোৱাকৈয়ে ঠাকুৰে কয় যে সমগ্ৰ দেশতে ই-চিগাৰেট নিষিদ্ধ, আৰু লোকসভা চৌহদৰ ভিতৰত ইয়াৰ ব্যৱহাৰ সংসদীয় শিষ্টাচাৰৰ স্পষ্ট উলংঘা।

প্ৰশ্ন ঘণ্টাত এই বিষয়টো উত্থাপন কৰি ঠাকুৰে অধ্যক্ষ ওম বিৰলাক প্ৰশ্ন কৰে যে সদনত ই-চিগাৰেট ব্যৱহাৰৰ অনুমতি আছে নেকি? তৃণমূল কংগ্ৰেছৰ এগৰাকী সাংসদক কেইবাদিনো লোকসভাৰ ভিতৰত ই-চিগাৰেট খোৱা দেখা পোৱা বুলি দাবী কৰি বিষয়টোৰ তদন্তৰ দাবী জনায়।

অধ্যক্ষ ওম বিৰলাই স্পষ্ট কৰি দিয়ে যে কোনো ধৰণৰ ধূমপান সদনত অনুমোদিত নহয়, পৰম্পৰাও নহয়। এনে ঘটনাৰ প্ৰমাণ তেওঁৰ দৃষ্টিগোচৰ হ’লে নিয়ম অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়। লগতে অধ্যক্ষই সকলো সদস্যকে সংসদীয় পৰম্পৰা আৰু নিয়ম মানি চলিবলৈ আহ্বান জনায়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande