
মৰিগাঁও, ১১ ডিচেম্বৰ (হি.স.): মৰিগাওঁ পস্কো আদালতে আজি এক গুৰুত্ব পূৰ্ণ ৰায়দান কৰে। মুকচিদুৰ ৰহমান নামৰ এজন অভিযুক্তক ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১৫০০০ টকা জৰিমনা বিহিছে।
মুকচিদুৰৰ বয়স ৪২ বছৰ। মৰিগাওঁ জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ তথা বিশেষ আদালতে (POCSO ) দিছে এই ৰায়দান। মুকচিদুৰ ৰহমানৰ ঘৰ জিলাখনৰ মৈৰাবাৰী থানা এলেকাৰ শগুণবাঁহী গাঁৱৰ ১০ নং ৱাৰ্ডত। মৈৰাবাৰী থানাত ৰুজু হোৱা গোচৰ নং ৫৫/২০২৪ ৰ ভিত্তিত পস্কো আদালতে এই ৰায়দান দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ