
বেংগালুৰু, ১১ ডিচেম্বৰ (হি.স.)। আমেৰিকাৰ বহুজাতিক প্ৰযুক্তি কোম্পানী মাইক্ৰ’ছফ্টৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া সত্য নাডেলাই বৃহস্পতিবাৰে কয় যে কোম্পানীটোৱে ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তা (এআই) পৰিৱেশ তন্ত্ৰৰ প্ৰতি এক বৃহৎ আন্তঃগাঁথনি বিনিয়োগেৰে নিজৰ দায়বদ্ধতা আৰু অধিক শক্তিশালী কৰি তুলিছে।
ইয়াত মাইক্ৰ’ছফ্টৰ এক অনুষ্ঠানত সত্য নাডেলাই কয় যে, “আমি ভাৰতত বিনিয়োগ কৰি ইয়ালৈ শ্ৰেষ্ঠ আন্তঃগাঁথনি আনিবলৈ অতিশয় উৎসাহিত হৈছো।” এই বিনিয়োগে ১৭.৫ বিলিয়ন ডলাৰক প্ৰতিনিধিত্ব কৰে। নাডেলাই ইয়াক এছিয়াত মাইক্ৰ’ছফ্টৰ সৰ্ববৃহৎ বিনিয়োগ বুলি অভিহিত কৰে।
তেওঁ কয় যে মাইক্ৰ’ছফটে ক্লাউড খণ্ডত নিজৰ উপস্থিতি শক্তিশালী কৰি তুলিছে আৰু এআই চালিত ভৱিষ্যতৰ বাবে লাখ লাখ ভাৰতীয়ক দক্ষতা প্ৰদান কৰাত মনোনিৱেশ কৰিছে। ভাষণত মাইক্ৰ’ছফ্টৰ অধ্যক্ষই সমগ্ৰ দেশতে কোম্পানীটোৰ ক্লাউড নেটৱৰ্কৰ দ্ৰুত সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ কয় যে বিশ্বজুৰি আমাৰ ৭০টাতকৈও অধিক ডাটা চেণ্টাৰ অঞ্চল আছে। নাডেলাই উল্লেখ কৰে যে ভাৰতত আমাৰ উপস্থিতি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আমাৰ এতিয়া মধ্য ভাৰত, পশ্চিম ভাৰত, আৰু দক্ষিণ ভাৰতত নেটৱৰ্ক আছে, আৰু জিঅ’ (Jio) ৰ সৈতেও অংশীদাৰিত্ব কৰিছো। মাইক্ৰ’ছফ্টৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে ২০২৬ চনত দক্ষিণ মধ্য ভাৰতত নতুন ডিজিটেল চেণ্টাৰ পোৱাত আমি অত্যন্ত আনন্দিত হৈছো।আটাইতকৈ ৰোমাঞ্চকৰ কথাটো হ’ল ই সম্পূৰ্ণ পৰিৱেশ অনুকূল। তেওঁ এআইৰ ব্যৱহাৰ বৃদ্ধি পোৱা এই যুগত ডিজিটেল সাৰ্বভৌমত্ব আৰু চাইবাৰ সুৰক্ষাৰ গুৰুত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
নাডেলাই আৰু কয় যে তেওঁ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি সমাজ, অৰ্থনীতি আৰু বৃদ্ধি ত্বৰান্বিত কৰাৰ বাবে এই বিনিয়োগ (১৭.৫ বিলিয়ন মাৰ্কিন ডলাৰ)ৰ বাবে অতি উৎসাহ প্ৰকাশ কৰিছে। তেওঁ কয় যে এই প্ৰতিশ্ৰুতি তেওঁৰ শেষ ভ্ৰমণৰ সময়ত ঘোষণা কৰা ৩ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগৰ উপৰিও। ভাৰতত প্ৰতিভাৰ উপলব্ধতাৰ সন্দৰ্ভত নাডেলাই কয় যে কোম্পানীটোৱে নিজৰ দক্ষতা বিকাশৰ কাৰ্যসূচীত অধিক গুৰুত্ব দিব। তেওঁ উল্লেখ কৰে যে আমি এতিয়া সমগ্ৰ ভাৰততে ২ কোটি লোকক এআই দক্ষতাৰ প্ৰশিক্ষণ দিবলৈ ওলাইছো।
নাডেলাই লগতে কয় যে চৰকাৰৰ ই-শ্ৰম কাৰ্যসূচীৰ দৰে পদক্ষেপে এআইয়ে কেনেকৈ অসংগঠিত শ্ৰমিকক উন্নীত কৰিব পাৰে সেই কথা প্ৰদৰ্শন কৰে। তেওঁ কয় যে ২০৩০ চনৰ ভিতৰত ভাৰত গিটহাবৰ জৰিয়তে বিশ্বৰ আগশাৰীৰ সম্প্ৰদায় হ’বলৈ সাজু হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ