হাজোত সামূহিক উৎসৱ উপলক্ষ্যে ছাত্ৰ-ছাত্ৰীসকলৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা
কামৰূপ, ১১ ডিচেম্বৰ (হি.স.)। কামৰূপ জিলাৰ হাজো শিক্ষা খণ্ডৰ সহযোগত, দমদমা আৰু কুলহাটী চেছাঁমুখ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে সামূহিক উৎসৱ। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সামূহিক উৎসৱত দমদমা আৰু ক
হাজোত সামূহিক উৎসৱ উপলক্ষ্যে ছাত্ৰ-ছাত্ৰীসকলৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা


কামৰূপ, ১১ ডিচেম্বৰ (হি.স.)। কামৰূপ জিলাৰ হাজো শিক্ষা খণ্ডৰ সহযোগত, দমদমা আৰু কুলহাটী চেছাঁমুখ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত পাঁচগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে সামূহিক উৎসৱ। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সামূহিক উৎসৱত দমদমা আৰু কুলহাটী চেছাঁমুখ সমল কেন্দ্ৰৰ বিশখনকৈ শিক্ষানুস্থানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এই সামূহিক উৎসৱৰ লগত সংগতি ৰাখি আজি দ্বিতীয় দিনা কুলহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পাঁচগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা।

এই শোভাযাত্ৰাত ছাত্ৰ ছাত্ৰী সকলে ডাঙি ধৰিলে বিভিন্ন কলা কৃষ্টিৰ নিদৰ্শন। আনহাতে এই বাৰেৰহণীয়া শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী দিনমনি ভাণ্ডাৰ কায়স্থই। লগতে এই অনুষ্ঠানত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ইনামুল মজিদ সহিতে কেইবাগৰাকী প্ৰশাসনিক বিষয়া উপস্থিত থাকে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande