'আমাৰ শৌচাগাৰ, আমাৰ ভৱিষ্যত' অভিযানৰ সময়ত এক লাখৰো অধিক শৌচাগাৰ মেৰামতি
নতুন দিল্লী, ১১ ডিচেম্বৰ (হি.স.)। স্বচ্ছ ভাৰত মিছন (গ্ৰাম্য), খোৱাপানী আৰু অনাময় বিভাগ (ডিডিডব্লিউএছ), আৰু জল শক্তি মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত ‘আমাৰ শৌচাগাৰ, আমাৰ ভৱিষ্যত’ অভিযানৰ সময়ত ১৯ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে এক লাখৰো অধিক ব্যক্তিগত শৌচা
हमारा शौचालय, हमारा भविष्य' अभियान


নতুন দিল্লী, ১১ ডিচেম্বৰ (হি.স.)। স্বচ্ছ ভাৰত মিছন (গ্ৰাম্য), খোৱাপানী আৰু অনাময় বিভাগ (ডিডিডব্লিউএছ), আৰু জল শক্তি মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত ‘আমাৰ শৌচাগাৰ, আমাৰ ভৱিষ্যত’ অভিযানৰ সময়ত ১৯ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে এক লাখৰো অধিক ব্যক্তিগত শৌচাগাৰ (আই এইচ এইচ এল) আৰু ৫,৫০০টা সামূহিক শৌচাগাৰ (চি এছ চি) মেৰামতি আৰু সৌন্দৰ্য্যবৰ্ধন কৰা হয়। ৩৩ মিলিয়নতকৈ অধিক মানুহে এই অভিযানত অংশগ্ৰহণ কৰিছিল।

কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই অভিযানৰ সময়ত সকলো ৰাজ্যতে ৪৯ হাজাৰৰো অধিক জনজাগৰণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল, য’ত ৩২.৭ লাখ লোকে অংশগ্ৰহণ কৰিছিল। তামিলনাডু আৰু গুজৰাটৰ অংশগ্ৰহণ সৰ্বাধিক। আৱৰ্জনা ব্যৱস্থাপনা আৰু ৰেট্ৰ’ফিটিঙৰ সজাগতা সৃষ্টিৰ বাবে এই অভিযানৰ সময়ত ১০,৮০০ৰো অধিক অধিবেশন অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰিও ৯৮০০খন বিদ্যালয়ত অধিবেশন অনুষ্ঠিত হয়, য’ত ৬.৮ লাখ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই অভিযানৰ সময়ত স্বচ্ছতা আৰু শৌচাগাৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰসাৰৰ বাবে ৫,৬০০ চোতাল আৰু ৩,৮০০ টা দেৱাল চিত্ৰকলাৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande