ফ্ৰীষ্টাইল দবা গ্ৰেণ্ড শ্লেমৰ ফাইনেলত কাৰ্লচেন আৰু এৰ’নিয়ানৰ মাজত খিতাপৰ যুঁজ
নতুন দিল্লী, ১১ ডিচেম্বৰ (হি.স.)। প্ৰাক্তন বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লছনে উজবেকিস্তানৰ জাভোখিৰ চিণ্ডাৰভক পৰাস্ত কৰি ফ্ৰীষ্টাইল দবা গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰে। এতিয়া ফাইনেলত তেওঁ আমেৰিকাৰ লেভন আৰোনিয়ানৰ বিৰুদ্ধে খেলিব। চিণ্ডাৰভে কাৰ্লচেনক
मैग्नस कार्लसन (दाएं) और जावोखिर सिंदारोव


নতুন দিল্লী, ১১ ডিচেম্বৰ (হি.স.)। প্ৰাক্তন বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লছনে উজবেকিস্তানৰ জাভোখিৰ চিণ্ডাৰভক পৰাস্ত কৰি ফ্ৰীষ্টাইল দবা গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰে। এতিয়া ফাইনেলত তেওঁ আমেৰিকাৰ লেভন আৰোনিয়ানৰ বিৰুদ্ধে খেলিব।

চিণ্ডাৰভে কাৰ্লচেনক কঠিন প্ৰত্যাহ্বান দিছিল। দ্বিতীয়খন ৰেপিড গেমত জয়লাভ কৰি মেচখন ব্লিটজ টাইব্ৰেকাৰত জোৰকৈ সোমাই পৰে। ব্লিটজ মেচত সময়ৰ তীব্ৰ চাপত কাৰ্লচেনে প্ৰথমখন ৫+২ গ’লত জয়লাভ কৰি দ্বিতীয়খন খেলত ড্ৰ’ কৰি ফাইনেলত স্থান নিশ্চিত কৰে।

ব্লিটজ মেচৰ সন্দৰ্ভত কাৰ্লচেনে কয় যে, দুয়োজন খেলুৱৈৰ বাবে সম্পূৰ্ণ জঞ্জাল আছিল। মই কি ক'ম, ই কেৱল এখন খেল আছিল। মই মাত্ৰ তেওঁতকৈ অলপ বেছি সময় ধৰি থিয় দিলোঁ, আৰু ফাইনেলত উপস্থিত হোৱাটো ভাল লাগে।

আনখন ছেমিফাইনেলত লেভন এৰ’নিয়ানে ব্লিটজ টাইব্ৰেকাৰত জাৰ্মানীৰ জিএম ভিনচেণ্ট কেইমাৰক ২-০ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে দুয়োখন ৰেপিড খেল ড্ৰ’ত শেষ হৈছিল। এতিয়া শীৰ্ষ স্থানৰ বাবে এৰ’নিয়ান আৰু কাৰ্লচেনে মুখামুখি হ’ব, বিজয়ীয়ে লাভ কৰিব ২ লাখ ডলাৰৰ পুৰস্কাৰৰ ধন।

লোয়াৰ ব্ৰেকেটৰ ছেমিফাইনেলত ভাৰতৰ অৰ্জুন এৰিগাইছিয়ে আমেৰিকাৰ জিএম হান্স নিমেনক পৰাস্ত কৰে। এতিয়া পঞ্চম স্থানৰ বাবে এৰিগাইচিয়ে আমেৰিকাৰ ফেবিয়ানো কাৰুয়ানাৰ বিৰুদ্ধে খেলিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande