জোনাইত মিচিং সকলৰ অন্যতম দলে অপৃন কৌবাঙৰ দ্বিতীয় সংখ্যক সাধাৰণ অধিবেশনৰ লাইখুঁটা স্থাপন
ধেমাজী, ১১ ডিচেম্বৰ (হি.স.)। জোনাইৰ ৰামধন দিখাৰীৰ ৰত্নেশ্বৰ দলে লত্তাত অনুষ্ঠিত হব লগা ৭, ৮ আৰু ৯ জানুৱাৰী ২০২৬ বৰ্ষত মিচিং সকলৰ অন্যতম দলে অপৃন কৌবাঙৰ দ্বিতীয় সংখ্যক সাধাৰণ অধিবেশনৰ ধৰ্মীয় পৰম্পৰাৰে লাইখুঁটা স্থাপন কৰা হয়। মিচিং সকলৰ অন্যতম দলে
জোনাইত মিচিং সকলৰ অন্যতম দলে অপৃন কৌবাঙৰ দ্বিতীয় সংখ্যক সাধাৰণ অধিবেশনৰ লাইখুঁটা স্থাপন


ধেমাজী, ১১ ডিচেম্বৰ (হি.স.)। জোনাইৰ ৰামধন দিখাৰীৰ ৰত্নেশ্বৰ দলে লত্তাত অনুষ্ঠিত হব লগা ৭, ৮ আৰু ৯ জানুৱাৰী ২০২৬ বৰ্ষত মিচিং সকলৰ অন্যতম দলে অপৃন কৌবাঙৰ দ্বিতীয় সংখ্যক সাধাৰণ অধিবেশনৰ ধৰ্মীয় পৰম্পৰাৰে লাইখুঁটা স্থাপন কৰা হয়। মিচিং সকলৰ অন্যতম দলে অপৃন কৌবাঙৰ দ্বিতীয় সংখ্যক সাধাৰণ অধিবেশনৰ লাইখুঁটা ধৰ্মীয় পৰম্পৰা তথা ৰীতি-নীতিৰে বৃহস্পতিবাৰে জোনাইৰ ৰামধন দিখাৰীৰ ৰত্নেশ্বৰ দলে লত্তাত স্থাপন কৰা হয়।

পূৰ্বপুৰুষ, দঃঞি পলঃক স্মৰণ তথা আশীৰ্বাদ বিচাৰি দলে অপৃন কৌবাঙৰ দ্বিতীয় সংখ্যক সাধাৰণ অধিবেশনৰ লাইখুঁটা স্থাপন কৰে দলে অপৃন কৌবাঙৰ সভাপতি ভূমিৰঞ্জন দলে। অসমৰ বিভিন্ন প্ৰান্তৰ অহা দলে অপৃনৰ এক সহস্ৰাধিক লোকৰ উপস্থিতিত আনুষ্ঠানিক লাইখুঁটা স্থাপন কৰাৰ অনুষ্ঠানত ৰামধন দিখাৰী গোমৰাগ দলৰ নৃত্যৰে চৌপাশৰ পৰিবেশ উখল মাখল কৰি তোলে। লাইখুঁটা স্থাপন অনুষ্ঠানত দলে অপৃন কৌবাঙৰ মুখ্য সম্পাদক ইন্দ্ৰ কুমাৰ দলে, সাধাৰণ সম্পাদক ড° দিপক কুমাৰ দলে , অৱসৰপ্ৰাপ্ত এছছিএছ বিষয়া প্ৰদীপ দলে,অভ্যৰ্থনা সমিতিৰ সভাপতি পদ্মেশ্বৰ সাধাৰণ সম্পাদক কলিং দলে, কোষাধ্যক্ষ দিপক দলেৰ লগতে দলে অপৃন কৌবাঙৰ সহস্ৰাধিক লোক উপস্থিতি থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande