ওদালগুৰিৰ টংলাত নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উদযাপনৰ লাইখুঁটা স্থাপন
ওদালগুৰি, ১১ ডিচেম্বৰ (হি.স.)। ওদালগুৰি টংলাত নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উদযাপনৰ আজি লাইখুঁটা স্থাপন।পবিত্ৰ লাইখুঁটা স্থাপন কৰে বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীয়ে, লগত উপস্থিত থাকে বিধায়ক দুৰ্গাদাস বড়ো, প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো।
ওদালগুৰিৰ টংলাত নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উদযাপনৰ লাইখুঁটা স্থাপন


ওদালগুৰি, ১১ ডিচেম্বৰ (হি.স.)। ওদালগুৰি টংলাত নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ উদযাপনৰ আজি লাইখুঁটা স্থাপন।পবিত্ৰ লাইখুঁটা স্থাপন কৰে বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীয়ে, লগত উপস্থিত থাকে বিধায়ক দুৰ্গাদাস বড়ো, প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো। সম্মুখত কেইটামান দিন বাকী, উদুলি মুদুলি স্বৰ্গীয় ৰাম চন্দ্ৰ ৰাভা সমন্বয় ক্ষেত্ৰ।

অহা ১৯ জানুৱাৰীৰ পৰা ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ । প্ৰায় দুশ বিঘা মাটিত উদযাপন হ'ব এই শতবৰ্ষ। শতবৰ্ষৰ প্ৰথম কাৰ্যসূচী হিচাপে বৃহস্পতিবাৰে পুৱাৰে পৰা মাংগলিক ৰীতি নীতিৰ পয়োভৰেৰে উদযাপন স্থলী ভৰি পৰে অসংখ্য ৰাভা পুৰুষ মহিলা, গীত, নৃত্য, মন্ত্ৰোচ্ছাৰনেৰে শোভাযাত্ৰা কৰি কঢ়িয়াই আনি স্থাপন কৰা হয় পবিত্ৰ লাইখুঁটা।

উদযাপন সমিতিৰ সভাপতি বিনোদ ৰাভাই জনোৱা অনুসৰি শতবাৰ্ষিকী অনুস্থানত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে মুখ্য অতিথি হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব । ইতিমধ্যে চুবুৰীয়া দেশ ভূটান আৰু নেপালৰ পৰাওঁ বহুতো অতিথি উপস্থিত থাকিব বুলি প্ৰকাশ কৰে সভাপতি ৰাভাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande