
তামুলপুৰ, ১১ ডিচেম্বৰ (হি.স.)। তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত,আহতৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান বিটিচি প্ৰশাসনৰ। বন্যহস্তীৰ আক্ৰমনত আহত আৰু নিহত তাৰা মোহন মণ্ডলৰ ঘৰত উপস্থিত বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৗৰা নাৰ্জাৰী ৷ আজি অভয়পুৰৰ ঘৰত উপস্থিত হৈ আহত সঞ্জয় দাস আৰু আশিস মণ্ডলৰ ঘৰতো উপস্থিত হৈ আহত সকলৰ খা খবৰ লোৱাৰ লগতে নিহতৰ খবৰ লৈ পৰিয়াল কেইটাক সান্তনা দিয়াৰ উপৰিও কিছু আৰ্থিক সাহায্য প্ৰদান কৰে।
শীত কাল পৰাৰ লগে লগে তামুলপুৰৰ ভাৰত ভুটান সীমান্তবৰ্তী একাংশ অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পায়। বন্যহস্তীৰ আক্ৰমণত একাংশ লোক নিহত আৰু আহত হবলগীয়া হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা