বকোৰবামুণী গাঁৱত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অনুদান বিতৰণ কাৰ্যসূচী
বকো - ছয়গাঁও সমষ্টিৰ বামুণী গাওঁত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অনুদান বিতৰণ কাৰ্যসূচী ।
বকোৰবামুণী গাঁৱত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অনুদান বিতৰণ কাৰ্যসূচী


কামৰূপ, ১১ ডিচেম্বৰ (হি.স.): কামৰূপ জিলাৰ বকো - ছয়গাঁও সমষ্টিৰ বামুণী গাঁৱত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ আজি অনুদান বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৩০ নং বামুণী গাওঁ পৰিষদীয় সমষ্টিত হিতাধিকাৰী সকলোৰ মাজত ২০২৪-২০২৫ ইং বিত্ত বৰ্ষৰ ধনেৰে সামগ্ৰী খিনি বিতৰণ কৰে।

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য অজিত ৰাভাই শুভাৰম্ভণি কৰে এই বিতৰণ অনুষ্ঠান। ১২০গৰাকী হিতাধিকাৰীয়ে লাভ কৰে সামগ্ৰী খিনি। হিতাধিকাৰি সকলৰ মাজত টিনপাত, মেচিন, চাইকেল, খেতিয়কৰ সজুলি আদি প্রদান কৰে। অনুদান বিতৰণী অনুষ্ঠানৰ অংশগ্ৰহণ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আদিত্য আৰু কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰী, কাৰ্যবাহী সদস্য সুমিত ৰাভা, কাৰ্যবাহী সদস্য অৰ্জুন চেত্ৰীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande