তেজপুৰত পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন
শোণিতপুৰ, ১১ ডিচেম্বৰ (হি.স.)। দাতব্য সংস্থা ইলোৰা বিজ্ঞান মঞ্চ, তেজপুৰৰ উদ‍্যেগত - পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰে। ইলোৰা বিজ্ঞান মঞ্চ, তেজপুৰৰ উদ‍্যেগত অসমৰ বিজ্ঞান মনস্কতাৰ অন‍্যতম বাটকট
ইলোৰা বিজ্ঞান মঞ্চ, তেজপুৰৰ উদ‍্যেগত - পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰে।


ইলোৰা বিজ্ঞান মঞ্চ, তেজপুৰৰ উদ‍্যেগত - পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰে।


ইলোৰা বিজ্ঞান মঞ্চ, তেজপুৰৰ উদ‍্যেগত - পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰে।


শোণিতপুৰ, ১১ ডিচেম্বৰ (হি.স.)। দাতব্য সংস্থা ইলোৰা বিজ্ঞান মঞ্চ, তেজপুৰৰ উদ‍্যেগত - পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰে। ইলোৰা বিজ্ঞান মঞ্চ, তেজপুৰৰ উদ‍্যেগত অসমৰ বিজ্ঞান মনস্কতাৰ অন‍্যতম বাটকটীয়া তথা অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী যুজঁৰ অগ্ৰণী ভাষাৰ ওজা পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰে। তদুপলক্ষে আজি ১১ডিচেম্বৰত স্থানীয় কলেজিয়েট উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে তেজপুৰৰ মঞ্চৰ সদস্য সকলৰ উপস্থিতিত এখনি আলোচনা সভা অনুষ্ঠিত হয়।

উক্ত সভাত সভাপতিত্ব কৰে শাখাৰ স্থায়ী সভাপতি ডঃ ৰাণামুকুট কেওটে। উদ্দেশ্য ব‍্যাখ‍্যাত অন্যতম সদস্য শুভ্ৰাংসু ৰঞ্জন দেৱে হেমচন্দ্ৰ বৰুৱাৰ বিজ্ঞান মনস্কতা আৰু কুসংস্কাৰ বিৰোধী মনোভাৱৰ বিষয়ে চমুকৈ ডাঙি ধৰে। ইলোৰা বিজ্ঞান মঞ্চৰ জন্ম আৰু কুসংস্কাৰ বিৰোধী যুজঁৰ বিষয়েও বক্তব্য ডাঙি ধৰে। সভাত সমলব‍্যক্তি হিচাবে বিজ্ঞান মানসিকতা আৰু আমাৰ সমাজ শীৰ্ষক আলোচনা আগবঢ়াই আকাশবাণীৰ অৱসৰপ্ৰাপ্ত প্ৰ'গ্ৰেম এক্সিকিউটিভ শ্ৰীযুতা পল্লৱী কলিতা বাইদেৱে। তেখেতে বিশেষ ভাবে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি আমাৰ ঘৰুৱা তথা সমাজত চলি থকা বিভিন্ন অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ উদাহৰণ সহ আলোচনা কৰে। তেখেতে ছাত্র-ছাত্রীসকলক এই বিষয় সমূহ সমাজৰ পৰা আতৰ কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

সভাপতি ডঃৰাণামুকুট কেওট আৰু অন‍্যতম সদস্য ডঃসুশান্ত দত্তই প্ৰশ্নোত্তৰ শিতানত সাপৰ লগত জড়িত অন্ধবিশ্বাস সমূহৰ বিষয়ে আলোচনা কৰে। ডঃসুশান্ত দত্তই ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ জড়িয়তে যুক্তিবাদী মনৰ গৰাকী হৈ চেতনাৰ বিকাশৰ বাবে আহ্বান জনায়। সভাত বিদ্যালয়ৰ শিক্ষক সমাজৰ হৈ শ্ৰীযুতভূপেন বৰদলৈ আৰু অধ‍্যক্ষ শ্ৰীযুত ৰবীন বৰুৱাদেৱে উপস্থিত থাকি সভাৰ সৌস্থৱ বঢ়োৱাৰ লগতে বৰুৱা দেৱে এনে ধৰণৰ সজাগতা সভাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ব‍্যক্ত কৰে। সভাত উপস্থিত সকলোকে আৰু কলেজিয়েট উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষক শলাগ জনাই মঞ্চৰ ৰাজ‍্যিক সদস্য শুভ্ৰাংসু ৰঞ্জন দেৱে। ইয়াৰ পিচতে ছাত্ৰ-ছাত্ৰীৰ মাজত লঘু আহাৰ বিতৰণ কৰা হয় আৰু সভাপতিয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰি সভা ভংগ ঘোষণা কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande