
গোলাঘাট, ১১ ডিচেম্বৰ (হি.স.)। অৱশেষত মৃত্যু হ’ল কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাই পথত অচেতন হৈ পৰা হাতীজনী ৷ চিকিৎসকৰ চেষ্টাৰ পাছত হাতীজনী কিছু সুস্থ হৈছিল যদিও পাছত মৃত্যুমুখত পৰে ৷ উল্লেখ যে, পুৱাৰ ভাগত পৰ্যটক কঢ়িয়াই অনাৰ পাছত শিবিৰলৈ উভতি যোৱাৰ পথত ৰাষ্ট্ৰীয় ঘাই পথত হঠাৎ অসুস্থ হৈ বাগৰি পৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ মৰমৰ হাতী জনী।
ঘটনাস্থলীত উপস্থিত পশু
চিকিতসক গৰাকী সংবাদ মাধ্য়মক অবগত কৰা অনুসৰি কি কাৰণে হাতীজনী মৃত্য়ুমুখত পৰিল এই বিষয়ে জানিবলৈ হাতী জনীৰ মৰোণত্তৰ পৰীক্ষা কৰা হব। মৰোণত্তৰ পৰীক্ষা কৰাৰ পিছত হে এইটো নিশ্চিত কৰিব পৰা যাব।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা