
তিনিচুকীয়া, ১১ ডিচেম্বৰ (হি.স.)। মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবীত ডিগবৈত যুৱ কংগ্ৰেছৰ উদ্যোগত অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিগবৈ চহৰৰ মাজমজিয়াত তেল ডিপুৰ সমীপত অৰ্ধশতাধিক কংগ্ৰেছ নেতা অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰি তদন্তৰ নামত চৰকাৰে ভেকুভাওনা কৰাৰ অভিযোগ তোলে।
অনশন কাৰ্যসূচী তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছ সাধাৰন সম্পাদক হীৰাজ্যোতি ভট্টাচাৰ্য, ডিগবৈ ব্লক যুৱ কংগ্ৰেছৰ সভাপতি মুনীন্দ্ৰ দাস, সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি পুলিকান্ত মৰাণ, ডিগবৈ ব্লক কংগ্ৰেছৰ সভাপতি বিনোদ খাৰিয়া, জ্য়েষ্ঠ্য কংগ্ৰেছ নেতা ভাস্কৰ জীৱন বৰুৱা, দুলাল মৰাণ, লখেশ্বৰ মৰাণ সহ বহু কেইজন নেতাই বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।
উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা