সাংবাদিক নিগ্ৰহৰ বিৰোধিতাৰে বিশ্বনাথ চাৰিআলিৰ পৰা মিজোৰামলৈ চাইকেল যাত্ৰা
বিশ্বনাথ, ১১ ডিচেম্বৰ (হি.স.)। বিশ্বনাথ চাৰিআলিৰ পৰা মণিপুৰ হৈ মিজোৰামলৈ বুলি স্নেহাংকৰ চক্ৰৱৰ্তী আৰু শান্তনু মৰাণে চাইকেলৰে কালি যাত্ৰা আৰম্ভ কৰি বিয়লি উপস্থিত হয়হি নগাঁৱত । নগাঁৱত তেঁওলোকৰ এই যাত্ৰাৰ বাবে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই তেওঁলোকক শুভেচ
সাংবাদিক নিগ্ৰহৰ বিৰোধিতাৰে বিশ্বনাথ চাৰিআলিৰ পৰা মিজোৰামলৈ চাইকেল যাত্ৰা


বিশ্বনাথ, ১১ ডিচেম্বৰ (হি.স.)। বিশ্বনাথ চাৰিআলিৰ পৰা মণিপুৰ হৈ মিজোৰামলৈ বুলি স্নেহাংকৰ চক্ৰৱৰ্তী আৰু শান্তনু মৰাণে চাইকেলৰে কালি যাত্ৰা আৰম্ভ কৰি বিয়লি উপস্থিত হয়হি নগাঁৱত । নগাঁৱত তেঁওলোকৰ এই যাত্ৰাৰ বাবে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই তেওঁলোকক শুভেচ্ছা প্ৰদান কৰাৰ লগতে এই চাইকেল যাত্ৰাৰ বাবে উৎসাহিত কৰে ৷

দুয়ো ব্যক্তিয়ে সাংবাদক নিগ্ৰহৰ বিৰুদ্ধে সজাগতাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰটো সজাগতা সৃষ্টিৰ উদ্দেশ্যে কৰা এই যাত্ৰাত তেওঁলোকে অতিক্ৰম কৰিব প্ৰায় সোতৰশ কিলোমিটাৰ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande