
বিশ্বনাথ, ১১ ডিচেম্বৰ (হি.স.)। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চার্জশ্বিট। ৰাইজে আশ্বস্ত হোৱা চাৰ্জশ্বিট এখন বিচাৰো বুলি অসম প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ নেতা ৰিপুন বৰাই উল্লেখ কৰে।গহপুৰত অনুষ্ঠিত কংগ্ৰেছৰ এক যোগদান সমাৰোহত অংশগ্ৰহণ কৰি তেও এইদৰে উল্লেখ কৰে। কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিত দাখিল কৰিব আদালতত। জুবিন গাৰ্গৰ হত্যাকাৰীয়ে যাতে শাস্তিপায়,জুবিনে যাতে ন্যায় পায়,এখন কটকটীয়া,ত্ৰুটিমুক্ত চাৰ্জশ্বিত দাখিল কৰাতো বিচাৰে কংগ্ৰেছে। ৰাজনৈতিক স্বাৰ্থৰ উৰ্দ্ধত থকা চাৰ্জশ্বিট বিচাৰে ৰিপুন বৰাই। বিজেপিৰ বহতীয়া যাতে নহৈ সম্পূৰ্ন আইন সংগত চাৰ্জশ্বিত হোৱাটো বিচাৰো বুলি ৰিপুন বৰাই উল্লেখ কৰে।
মুখ্যমন্ত্ৰীয়ে অচিনাকী লোকক মাটি বিক্ৰী নকৰিব বুলি কোৱা সন্দৰ্ভত ৰিপুন বৰাই কয়; মুখ্যমন্ত্ৰীয়ে কি কয় নিজেই নাজানে। মুখ্যমন্ত্ৰীয়ে কাক অচিনাকী বুলি কৈছে সেয়া মুখ্যমন্ত্ৰীয়েহে ক'ব পাৰিব বুলি উল্লেখ কৰে। উল্লেখ্য যে আজি গহপুৰত কংগ্ৰেছৰ কাৰ্যসূচীত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ শতাধিক কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা