বজালীত একেলগে কেইবা খনো দলং আৰু পকী পথৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
বৰপেটা, ১১ ডিচেম্বৰ (হি.স.)। বজালী সমষ্টিত একেলগে কেইবা খনো দলং আৰু পকী পথৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । ৫খন দলং প্ৰায় ১৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা কামৰ আধাৰশিলা স্থাপন কৰে ।কুৱাৰা চ''কৰ পৰা চাউলিয়াবড়ীলৈ ৪৬ কোটি টকা ব্যয়
বজালীত একেলগে কেইবা খনো দলং আৰু পকী পথৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে


বৰপেটা, ১১ ডিচেম্বৰ (হি.স.)। বজালী সমষ্টিত একেলগে কেইবা খনো দলং আৰু পকী পথৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । ৫খন দলং প্ৰায় ১৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা কামৰ আধাৰশিলা স্থাপন কৰে ।কুৱাৰা চ'কৰ পৰা চাউলিয়াবড়ীলৈ ৪৬ কোটি টকা ব্যয় সাপেক্ষে আজি পথৰ শুভাৰম্ভ কৰা হয় ।

উক্ত অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উল্লেখ কৰে যে, এদিনতে প্ৰায় ৬০-৭০ কোটি টকাৰ কামৰ শুভাৰম্ভ কৰি নিশ্চিতভাৱে আনন্দিত হৈছো ।বিহুৰ আগমূহুৰ্তত পুনৰ ২০ কোটি টকাৰ কামৰ শুভাৰম্ভ কৰা হব ।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিনত বাট পথৰ যি যুগান্তকাৰী পৰিৱৰ্তন আনিছে, সমান্তৰালভাৱে বজালীটো এই পৰিবৰ্তন আহিছে । মোৰ কাৰ্যকালত একেলগে ১৯খন দলং মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিনত কৰিবলৈ পাই সুখী হৈছো ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande