বিহালীৰ বাঘমাৰী চাপৰিত বন্যহস্তীৰ সন্ত্ৰাস
বিশ্বনাথ, ১১ ডিচেম্বৰ (হি.স.)। বিশ্বনাথ জিলাৰ বিহালীত বন্যহস্তীৰ সন্ত্ৰাস বিৰাজ কৰিছে ৷ যোৱা নিশা কাজিৰঙা ষষ্ঠ সংযোজন এলেকাৰ পৰা নিশা খাদ্য সন্ধানত ওলাই অহা প্ৰায় ৫০/৬০ জনীয়া বন্যহস্তীৰ দলে বিহালীৰ বাঘমাৰী চাপৰি এলেকাৰ ইনামুল হ''ক নামৰ খেতিয়ক জনৰ প
বিহালীৰ বাঘমাৰী চাপৰিত বন্যহস্তীৰ সন্ত্ৰাস


বিশ্বনাথ, ১১ ডিচেম্বৰ (হি.স.)। বিশ্বনাথ জিলাৰ বিহালীত বন্যহস্তীৰ সন্ত্ৰাস বিৰাজ কৰিছে ৷ যোৱা নিশা কাজিৰঙা ষষ্ঠ সংযোজন এলেকাৰ পৰা নিশা খাদ্য সন্ধানত ওলাই অহা প্ৰায় ৫০/৬০ জনীয়া বন্যহস্তীৰ দলে বিহালীৰ বাঘমাৰী চাপৰি এলেকাৰ ইনামুল হ'ক নামৰ খেতিয়ক জনৰ প্ৰায় ২০ বিঘা আলু খেতি পথাৰ বিনষ্ট কৰে ৷ হাতীৰ জাকটোৱে আলু খেতি গছকি, উভালি পিষ্ট কৰি পেলায়।

উল্লেখ্য় যে ৰাজ্য়ৰ ওদালগুৰি, বাক্সা, শোণিতপুৰ, তামুলপুৰ, যোৰহাট, গোলাঘাট আদি এলেকাত বনৰীয়া হাতীৰ উপদ্ৰপ অব্য়াহত আছে। হাতী মানুহৰ এই সংঘাটত বিভিন্ন সময়ত বহু সংখ্য়ক লোকে প্ৰাণ হেৰুৱাইছে। সমান্তৰালকৈ বন্য়হস্তীও মৃত্য়ুমুখত পৰিছে। মানুহ আৰু বন্য হস্তীৰ সংঘাত বৃদ্ধি পোৱাৰ মূল কাৰণ হ'ল জনসংখ্যা বৃদ্ধিৰ ফলত বনাঞ্চল ধ্বংস হোৱা, যাৰ বাবে হাতীয়ে খাদ্য আৰু বাসস্থানৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি খেতি পথাৰ আৰু ঘৰ-বাৰী ধ্বংস কৰে, যাৰ ফলত মানুহৰ জীৱনহানি হোৱাৰ লগতে হাতীৰো মৃত্যু ঘটে। এই সংঘাত ৰোধ কৰিবলৈ বনাঞ্চলৰ সুৰক্ষা, হাতীৰ খাদ্যৰ ব্যৱস্থা কৰা, আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজনীয়।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande