(আপডেট) অৰুণাচল পথ দুৰ্ঘটনাত ২১ জন শ্ৰমিক নিহত, এজন গুৰুতৰভাৱে আহত
- ঘটনাৰ বিষয়ে দুদিন পিছত এজন আহত ব্যক্তিয়ে আৰক্ষীক দিলে খৱৰ ইটানগৰ, ১১ ডিচেম্বৰ (হি.স.)। অৰুণাচল প্ৰদেশৰ আঞ্জাৱ জিলাৰ মেটেংলিয়াং গাঁৱৰ সমীপত এখন ট্ৰাক পথৰ পৰা ছিটিকি ৮০০ মিটাৰ দ খাৱৈত বাগৰি পৰাত ২১ জন শ্ৰমিকৰ মৃত্যু হয়। দুদিন পিছত এজন আহত ব্যক
अरुणाचल प्रदेश में सड़क दुघर्टना में क्षतिग्रस्त ट्रक


- ঘটনাৰ বিষয়ে দুদিন পিছত এজন আহত ব্যক্তিয়ে আৰক্ষীক দিলে খৱৰ

ইটানগৰ, ১১ ডিচেম্বৰ (হি.স.)। অৰুণাচল প্ৰদেশৰ আঞ্জাৱ জিলাৰ মেটেংলিয়াং গাঁৱৰ সমীপত এখন ট্ৰাক পথৰ পৰা ছিটিকি ৮০০ মিটাৰ দ খাৱৈত বাগৰি পৰাত ২১ জন শ্ৰমিকৰ মৃত্যু হয়। দুদিন পিছত এজন আহত ব্যক্তিয়ে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰে আৰু তাৰ পিছত উদ্ধাৰ অভিযান আৰম্ভ কৰে। ঘটনাস্থলীৰ পৰা সোতৰটা মৃতদেহ উদ্ধাৰ কৰা হৈছে, আৰু বাকী চাৰিটা উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে।

আৰক্ষী অধীক্ষক অনুৰাগ দ্বিবেদীয়ে জনোৱা মতে, যোৱা ৮ ডিচেম্বৰৰ নিশা প্ৰায় ৯ বজাত অসমৰ তিনিচুকীয়া জিলাৰ পৰা চাগলাগামলৈ শ্ৰমিক কঢ়িয়াই অনা এখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হয়। ইয়াৰ দুদিন পিছত ১০ ডিচেম্বৰত শ্ৰমিকসকলে গন্তব্যস্থানত উপস্থিত নোহোৱাত তেওঁলোকৰ সহকৰ্মীসকলে হাউলিয়াং থানাত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে হাউলিয়াং আৰক্ষীয়ে স্থানীয় সূত্ৰৰ সৈতে যোগাযোগ কৰি নিৰুদ্দেশ হোৱা শ্ৰমিককেইজনৰ সন্ধান কৰে। তালাচীৰ সময়ত সীমান্ত পথ টাস্ক ফ’ৰ্চৰ শিবিৰৰ পৰা এজন আহত লোক আহি পোৱাৰ তথ্য লাভ কৰি তেওঁ আন ২১ জন লোকৰ সৈতে যাত্ৰা কৰা ট্ৰাকখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ দিয়ে। আহত লোকজনক বি আৰ টি এফৰ শিবিৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছিল আৰু এতিয়া তেওঁৰ অৱস্থা উন্নত।

ইফালে, দুৰ্ঘটনাস্থলীত সেনা, সীমান্ত পথ সংস্থা (বি আৰ অ’), স্থানীয় আৰক্ষী, আৰু জিলা প্ৰশাসনৰ উদ্ধাৰকাৰী দলে অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। যোৱা প্ৰতিবেদন অনুসৰি ১৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে, আৰু বাকী মৃতদেহ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে। মৃত শ্ৰমিকসকলৰ ভিতৰত আছে তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ ১৯ গৰাকীকৈ শ্ৰমিক।

জানিব পৰামতে, তিনিচুকীয়াৰ গেলাপুখুৰীৰ চাহ বাগিছাৰ পৰা গৈছিল বুধেশ্বৰ দীপ, ৰাহুল কুমাৰ, সমীৰ দীপ, জোন কুমাৰ, পংকজ মানকী, অজয় মানকী, বিজয় কুমাৰ, অভয় ভূমিজ, ৰোহিত মানকী, বীৰেন্দ্ৰ কুমাৰ, আগৰ তাঁতি, ধীৰেন চেতিয়া, ৰজনী নাগ, দীপ গোৱালা, ৰামচবক সোণাৰ, সোনাতন নাগ, সঞ্জয় কুমাৰ, কৰণ কুমাৰ আৰু জোনাচ মুণ্ডা।

সেনাবাহিনীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, অৰুণাচল প্ৰদেশৰ চাগলাগাম অঞ্চলত ভাৰতীয় সেনাই এক বৃহৎ অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। যোৱা ১০ ডিচেম্বৰৰ পলমকৈ লাভ কৰা তথ্যৰ ভিত্তিত এই অভিযান আৰম্ভ কৰা হৈছিল। চাগলাগামৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত্বত থকা হাউলিয়াং-চাগলাগাম পথৰ ৪০ কিলোমিটাৰ নিৰ্দিষ্ট স্থানৰ ওচৰত সীমিত সংযোগৰ সৈতে কঠিন ভূখণ্ডত সংঘটিত হয় এই দুৰ্ঘটনা। কঠিন ভূখণ্ড আৰু দুৰ্বল দৃশ্যমানতাৰ মাজতো ভাৰতীয় সেনাই অসামৰিক প্ৰশাসন আৰু অন্যান্য সংস্থাসমূহৰ সমন্বয়ত বাকী থকা ভুক্তভোগীসকলৰ স্থান নিৰ্ণয় কৰি তাৎক্ষণিক সহায় আগবঢ়োৱাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande