
অভিনেত্ৰী আলিয়া ভাটৰ জনপ্ৰিয়তা কেৱল ভাৰততে সীমাবদ্ধ নহয়, বিশ্বজুৰি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি স্পষ্ট হৈ পৰিছিল যেতিয়া তেওঁ চৌদি আৰৱত অনুষ্ঠিত হোৱা লোহিত সাগৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৫ম সংস্কৰণত অংশগ্ৰহণ কৰিছিল। এই বৃহৎ অনুষ্ঠানত আলিয়াক গোল্ডেন গ্ল’বছ হৰাইজন বঁটাৰে সন্মানিত কৰা হয়। এই উৎসৱত তেওঁৰ বিশ্বব্যাপী উপস্থিতি আৰু প্ৰভাৱে তেওঁক আটাইতকৈ চৰ্চিত ব্যক্তিত্বৰ ভিতৰত অন্যতম কৰি তুলিছে। এই কৃতিত্ব কেৱল তেওঁৰ কেৰিয়াৰৰ বাবেই তাৎপৰ্যপূৰ্ণ নহয়, ভাৰতীয় চলচ্চিত্ৰ জগতৰ বাবেও গৌৰৱৰ বিষয়।
আলিয়াই এই সন্মান লাভ কৰাৰ লগে লগে তেওঁৰ আনন্দৰ ভাগ বতৰা কৰি কয় যে গোল্ডেন গ্ল’বছ বিশ্ব মনোৰঞ্জন উদ্যোগৰ এক প্ৰতিষ্ঠিত অংশ, আৰু ইয়াৰ অংশ হোৱাটো তেওঁৰ বাবে অত্যন্ত বিশেষ। লগতে শক্তিশালী আৰু প্ৰেৰণাদায়ক নাৰীৰ কাহিনীক ডাঙৰ পৰ্দালৈ লৈ যোৱাৰ বাবে উৎফুল্লিততাও প্ৰকাশ কৰে। চলচ্চিত্ৰৰ ফালৰ পৰা আলিয়া ভাটক অতি সোনকালে দেখা যাব সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালনাত নিৰ্মিত লাভ এণ্ড ৱাৰত। এই ছবিখন ২০২৬ৰ ২০ মাৰ্চত ছবিগৃহত মুক্তি পাব।
हिन्दुस्थान समाचार / অৰৱিন্দ