গোলাঘাট জিলাৰ বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
গোলাঘাট, ১১ ডিচেম্বৰ (হি.স.)। গোলাঘাট জিলাৰ বৰপথাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বৰপথাৰ-জামুগুৰি সংযোগী পথৰ চাংপুলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। এই দুৰ্ঘটনাত নিহত হয় এজন লোক আৰু আহত হয় আন এজন। জানিব পৰামতে, এএছ ০৫ টি ০৬৩৭ নম্বৰৰ স্কুটি আৰ
গোলাঘাট জিলাৰ বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা


গোলাঘাট, ১১ ডিচেম্বৰ (হি.স.)। গোলাঘাট জিলাৰ বৰপথাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বৰপথাৰ-জামুগুৰি সংযোগী পথৰ চাংপুলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

এই দুৰ্ঘটনাত নিহত হয় এজন লোক আৰু আহত হয় আন এজন। জানিব পৰামতে, এএছ ০৫ টি ০৬৩৭ নম্বৰৰ স্কুটি আৰু এএছ ০৫ এক্স ৭৯৫০ নম্বৰৰ বাইকৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো ঘটে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande