
যোৰহাট, ১১ ডিচেম্বৰ (হি.স.) । ৰাজ্য জুৰি আজি বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৩ ঘণ্টীয়া মৌন প্রতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে। নগাঁৱতো এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। নগাঁও উৰিয়াগাঁৱত মৌন প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে ।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাঁও জিলাৰ প্ৰতিবাদী অৱস্থান । উল্লেখ্য য সংশোধিত নাগৰিকত্ব আইন চমুকৈ কা আন্দোলনৰ পঞ্চ শ্বহীদক চৰকাৰীভাবে শ্বহীদৰ মৰ্যাদা প্ৰদানৰ দাবীত নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩ ঘণ্টীয়া মৌন প্রতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে l
---------------
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু