ডিব্ৰুগড়ত অগপৰ গুৰুত্বপূৰ্ণ সতীৰ্থ সন্মিলন
ডিব্ৰুগড়, ১১ ডিচেম্বৰ (হি.স.)। আঞ্চলিক দল অসম গণ পৰিষদ (অপগ)–এ জোৰদাৰ কৰি তুলিছে দলটোৰ সক্ৰিয়তা। ডিব্ৰুগড়ত আজি অগপৰ এক গুৰুত্বপূৰ্ণ সতীৰ্থ সন্মিলন অনুষ্ঠিত হয়। আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰাই ৰাইজৰ মাজত সোমাই পৰিছে দলটে
ডিব্ৰুগড়ত অগপৰ গুৰুত্বপূৰ্ণ সতীৰ্থ সন্মিলন


ডিব্ৰুগড়, ১১ ডিচেম্বৰ (হি.স.)। আঞ্চলিক দল অসম গণ পৰিষদ (অপগ)–এ জোৰদাৰ কৰি তুলিছে দলটোৰ সক্ৰিয়তা। ডিব্ৰুগড়ত আজি অগপৰ এক গুৰুত্বপূৰ্ণ সতীৰ্থ সন্মিলন অনুষ্ঠিত হয়।

আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰাই ৰাইজৰ মাজত সোমাই পৰিছে দলটোৰ নেতা কৰ্মীসকল। পূৰ্বতকৈ শক্তিশালী ৰূপত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আগবাঢ়িছে অসম গণ পৰিষদ দল। নিৰ্বাচনত জয়ৰ সম্ভাৱনা থকা প্ৰতিটো সমষ্টিতেই এইবাৰ অগপ দলৰ প্ৰাৰ্থী থাকিব। উজনিৰ ৯খন জিলাৰ ৩৩খন আখনৰ ১০ ৰ পৰা ১২ খন আসনত প্ৰাৰ্থীত্ত্ব বিচাৰিব অগপ দলে। আনহাতে চাবুৱা-লাহোৱাল সমষ্টি অগপ দলে দাবী কৰিব । এই সমষ্টিত বিজেপি দলেও প্ৰাৰ্থীত্ত্ব আশা কৰিছে যদিও অগপও প্ৰাৰ্থীত্ত্ব দাবীদাৰ। আজি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত অগপ দলৰ উজনিৰ ৯ খন জিলাৰ সতীৰ্থ সন্মিলনত অংশগ্ৰহণ কৰি দলৰ সভাপতি আৰু সাধাৰণ সম্পাদ অতুল বৰা আৰু পুনাকন বৰুৱাই এই মন্তব্য আগবঢ়ায়।

অনুষ্ঠানত প্ৰতিখন জিলাৰ সভাপতি সম্পাদক সকলৰে অনুস্থিত হয় গুৰুত্বপূৰ্ণ আলোচনা। অনুষ্ঠানত কাৰ্যকৰী সভাপতি কেশৱ মহন্ত দুই সাংসদ ফণীভূষণ চৌধুৰী আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যও উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande