পদপথত পুত্ৰলৈ অপেক্ষাৰে প্ৰচণ্ড শীতত কঁপি থকা অসহায়া বৃদ্ধাক উদ্ধাৰঃ ৰাজস্থানৰ পৰা আনি এৰিলে তেজপুৰত
শোণিতপুৰ, ১১ ডিচেম্বৰ (হি.স.)। জন্মদাত্ৰী মাতৃক পুত্ৰই এক অচিনাকি ৰাজ্যৰ অচিনাকি স্থানত অসহায় অৱস্থাত পেলাই থৈ পলায়ন কৰাৰ এক হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে তেজপুৰত ৷ সুদূৰ ৰাজস্থানৰ কৰলি নামৰ অঞ্চলৰ বাসিন্দা মমতা বুলি পৰিচয় দিয়া এগৰাকী মহিলাক এসপ্তা
পদপথত পুত্ৰলৈ অপেক্ষাৰে প্ৰচণ্ড শীতত কঁপি থকা  অসহায়া বৃদ্ধাক উদ্ধাৰঃপাষাণ হৃদয়ৰ পুত্ৰই ৰাজস্থানৰ পৰা আনি এৰি গ’ল তেজপুৰত


শোণিতপুৰ, ১১ ডিচেম্বৰ (হি.স.)। জন্মদাত্ৰী মাতৃক পুত্ৰই এক অচিনাকি ৰাজ্যৰ অচিনাকি স্থানত অসহায় অৱস্থাত পেলাই থৈ পলায়ন কৰাৰ এক হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে তেজপুৰত ৷ সুদূৰ ৰাজস্থানৰ কৰলি নামৰ অঞ্চলৰ বাসিন্দা মমতা বুলি পৰিচয় দিয়া এগৰাকী মহিলাক এসপ্তাহ পূৰ্বে তেজপুৰৰ চিভিল চাৰিআলিৰ সমীপত পেলাই থৈ যায় নিজ পুত্ৰই৷ মহিলাগৰাকীয়ে নিজকে মমতা আৰু তেওঁ ৰাজস্থানৰ বাসিন্দা বুলি পৰিচয় দিয়াৰ লগতে তেওঁৰ হাতত তেওঁৰ নামৰ মমতা বুলি থকা টেটুও দেখুৱাইছিল ৷

উল্লেখযোগ্য যে, এইগৰাকী মমতাই তেওঁৰ পুত্ৰ কৃঞ্চাৰ নিৰ্দয়তাৰ

বলি হৈ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ কাষৰ পদপথত প্ৰচণ্ড শীতত পৰি থাকিব লগীয়া হয় ৷ প্ৰায় এসপ্তাহ পূৰ্বে মহিলাগৰাকীক তেনেদৰে দেখা পাই একাংশ লোকে কাপোৰ আৰু খাদ্য যোগান ধৰাৰ পিচত তেজপুৰ পৌৰসভাৰ ১০নম্বৰ ৱাৰ্ডৰ পৌৰসদস্য পাৰশ নাথ ৰায়ে মহিলাগৰাকীৰ বিষয়ে অৱগত হৈ তেওঁৰ খৱৰ লয় ৷ হিন্দীভাষী মহিলা গৰাকীয়ে তেতিয়া সৱিশেষ প্ৰকাশ কৰাৰ পাছত মহিলাগৰাকীক কনকলতা অসামৰিক চিকিৎসালয়ত থাকিবলৈ কোৱা হয় যদিও এৰি থৈ যোৱা পুত্ৰই তেওঁক নিবলৈ আহিব বুলি আশাত থকা বৃদ্ধাই আনলৈ যাবলৈ অমান্তি হয়৷ যোৱা নিশা প্ৰচণ্ড শীতত কঁপি পদপথত থকা বৃদ্ধা গৰাকীৰ কাষত পৌৰসদস্য ৰায় আৰু একাংশ লোকে তেওঁক জুইৰ তাপৰ লগতে গৰম কাপোৰ আৰু খাদ্যৰ ব্যৱস্থা কৰি দি আজি পুৱা তেওঁক নিৰাপদে ৰখাৰ উদ্দেশ্যে এনে লোকৰ আশ্ৰয়ৰ ক্ষেত্ৰত সমাজ সেৱাৰে জড়িত একাংশ লোকৰ স’তে যোগাযোগ কৰে৷

অৱশেষত দুলুমণি বৰা নামৰ এগৰাকী সমাজ সেৱিকাৰে যোগাযোগ কৰে। আজি পুৱাৰ ভাগত সমাজ সেৱিকা বৰাই পৌৰসদস্য ৰায়ৰ লগতে স্থানীয় একাংশ লোকৰ সহায়ত আৰু তেজপুৰ আৰক্ষীৰ সহযোগত মহিলাগৰাকীক উদ্ধাৰ কৰি কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। সুস্থ হৈ উঠাৰ পিছত মহিলাগৰাকীক স্থানীয় এক আশ্ৰমলৈ লৈ যোৱা হ'ব বুলি প্ৰকাশ কৰে সমাজ সেৱিকাগৰাকীয়ে। এই উদ্ধাৰ কাৰ্যত প্ৰথম অৱস্থাৰ পৰাই জড়িত আৰু যোৱা এসপ্তাহে মহিলাগৰাকীক চোৱাচিতা কৰা ৰায়ে ঘটনাৰ সবিশেষ বিৱৰি পুত্ৰই এৰি থৈ যোৱা এনে মৰ্মন্তুদ ঘটনাই মানৱতাৰ চূড়ান্ত স্খলন ঘটাৰ দিশটো স্পষ্ট কৰা বুলিও ব্যক্ত কৰে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande