
শোণিতপুৰ, ১১ ডিচেম্বৰ (হি.স.)। শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসৰ সভাপতিত্বত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান (এল চি ডি চি) ২০২৫–২৬ সন্দৰ্ভত জিলা পৰ্যায়ৰ সমন্বয় সভা অনুষ্ঠিত হয়। সভাত ঢেকিয়াজুলিৰ সম-জিলা আয়ুক্ত শ্ৰীমতী দ্যোতিভা বৰা; স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ বিমান শৰ্মা; জিলা কুষ্ঠৰোগ বিষয়া ডাঃ অচ্যুত হাজৰিকা; ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান , অসমৰ বিষয়া; এছডিএমঅ' সকল ; স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়া আৰু সংশ্লিষ্ট বিভাগৰ প্ৰতিনিধি সকল উপস্থিত থাকে। জিলাখনত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান ৰূপায়ণৰ বাবে প্ৰস্তুতিৰ পৰ্যালোচনা আৰু ব্যৱস্থাপনা সমূহ চূড়ান্ত কৰাৰ উদ্দেশ্যে আজিৰ এই সভা অনুষ্ঠিত হয়।
সভাত উপস্থাপন কৰা পৰিকল্পনা অনুসৰি এল চি ডি চি ২০২৫–২৬য়ে যোৱা মাৰ্চ, ২০২৫ লৈকে জনসংখ্যাক ভিত্তি কৰি শোণিতপুৰ জিলাৰ ২,৪৯,৮৯৬টা পৰিয়ালত প্ৰায় ১৩,১৬,২০০ জনসংখ্যা সামৰি ল’ব। এই অভিযানৰ বাবে প্ৰায় ১১১৮টা অনুসন্ধানকাৰী দল আৰু ২১৫ গৰাকী তত্বাৱধায়ক নিয়োজিত কৰা হ’ব আৰু তিনিটা পৰ্যায়ত এই অভিযান চলোৱা হ’ব। অহা ১৫ ডিচেম্বৰ, ২০২৫ তাৰিখৰ পৰা ২৮ ডিচেম্বৰ, ২০২৫ তাৰিখলৈ প্ৰথম পৰ্যায়ত ঢেকিয়াজুলি বি পি এইচ চি আৰু ৰঙাপৰা পি এইচ চি এলেকা সামৰি লোৱা হ’ব।
আনহাতে, অহা ৫ জানুৱাৰী,২০২৬ তাৰিখৰ পৰা ১৮ জানুৱাৰী,২০২৬ তাৰিখলৈ দ্বিতীয় পৰ্যায়ত বিহগুৰি বি পি এইচ চি আৰু উত্তৰ জামুগুৰি বি পি এইচ চি অঞ্চল সামৰি লোৱা হ’ব আৰু অহা ১৬ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখৰ পৰা ১ মাৰ্চ, ২০২৬লৈ তৃতীয় পৰ্যায়ত তেজপুৰ নগৰীয়া আৰু বালিপৰা বি পি এইচ চি এলেকা সামৰি লোৱা হ’ব। জিলা আয়ুক্ত গৰাকীয়ে কুষ্ঠ ৰোগত আক্ৰান্তৰ আগতীয়া চিনাক্তকৰণ আৰু চিকিৎসা নিশ্চিত কৰিবলৈ আন্তঃবিভাগীয় সমন্বয়, সময়মতে ক্ষেত্ৰ কৰ্মী নিয়োগ আৰু সমাজত সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই অভিযান সফল ৰূপায়ণৰ বাবে সংশ্লিষ্ট সকলো বিভাগক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ