
কোকৰাঝাৰ, ১১ ডিচেম্বৰ (হি.স.)। কোকৰাঝাৰ চহৰৰ শিশু উদ্যানৰ কাষত আজি বিশ্ব পৰিবৰ্তন মিছন কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ১১ দফীয়া দাবীৰ সমৰ্থনত ৪ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়।
অসমৰ চিন্তাজনক অৰ্থনৈতিক অৱস্থা, চাকৰিৰ অধিকাৰ মৌলিক অধিকাৰ হওঁক, প্ৰতিটো পৰিয়ালক দিয়ক ১১,৯০০ টকাকৈ ভোটাৰব্শিপৰ লাভ, ২৫℅ জনসংখ্যাক বিপিএল কাৰ্ড দিয়ক, শিক্ষা আৰু দ্বৈত ব্যৱস্থাৰ অন্ত পৰক, ৯১℅এপিএল বিপিএল সমাজক ৯৭ শতাংশ প্ৰতিনিধিত্ব দিয়ক, পৰিয়াল আৰু সংস্কৃতি ৰক্ষাৰ বাবে আইন বনানী, সকলো সংৰক্ষণত এপিএল, বিপিএলৰ কেটাৰ ব্যৱস্থা ৰাখক, ৰাজনীতিত বংশবাদ শেষ কৰিবলৈ আইন বনানী, এপ্রিল বিপিএল সমাজক বৈশ্বিক অধিকাৰ দিয়ক, ধনীৰ সীমাৰেখা নিৰ্ধাৰণ কৰি চৰকাৰক কাম কৰাৰ স্বাধীনতা দিয়ক আৰু পঞ্চায়ত প্ৰধানৰ দ্বাৰা প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন আৰু জিলা পঞ্চায়তৰ সদস্যৰ দ্বাৰা মুখ্যমন্ত্রীক নিৰ্বাচন কৰক আদি দাবীৰে অবস্থান ধৰ্মঘটৰ লগতে প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ জিলা দণ্ডাধীশৰ জৰিয়তে ব্যৱস্থা গত সংস্কাৰ আৰু জন সমস্যা সমাধানৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
আজিৰ ধৰ্না কাৰ্যসূচীত উপস্থিত থাকে জিলা সদস্য ভৰ্তি অভিযানৰ দায়িত্ববাহী আব্দুল হাসিম আকান, জিলা সভাপতি নব কুমাৰ ব্রহ্ম, সম্পাদক মোখাথান হাজোৱাৰী আৰু জিলা দলৰ দায়িত্ববাহী উমেশ চন্দ্ৰ বর্মনৰ লগত সদস্য সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ