
কাজিৰঙা, ১০ ডিচেম্বৰ (হি.স.)। কাজিৰঙাৰ এখন বিশেষ ৰেষ্টুৰেন্ট। মহিলা সবলীকৰণৰ অনন্য নিদৰ্শন দাঙি ধৰিছে ৰেষ্টুৰেন্টখনে ৷চেপেনাকোবোৱা গাওত থকা এই ৰেষ্টুৰেন্টখন কাজিৰঙাত মহিলাৰ দ্বাৰা পৰিচালিত একমাত্ৰ ৰেষ্টুৰেন্ট।শিকৰ নামৰ এই ৰেষ্টুৰেন্টখনে শেহতীয়াকৈ আকৰ্ষণ কৰিছে পৰ্যটকক। দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু অসমৰ পৰ্যটনৰ হটস্পট কাজিৰঙাত বিগত দুটা বছৰে পৰ্যটকৰ সমাদৰ লাভ কৰি চৰ্চাত শিকৰ নামৰ ৰেষ্টুৰেন্টখন।স্থানীয় মহিলাৰ স্বাৱলম্বীতাক প্ৰাধান্য দি ৰিতা তালুকদাৰ নামৰ উদ্যমী মহিলাগৰাকীৰ নেতৃত্বত আৰম্ভ হৈছিল ৰেষ্টুৰেন্টখন।যত বৰ্তমান নিয়োজিত হৈ আছে ৬ গৰাকীকৈ মহিলা।
আনহাতে সেউজ পৰিবেশৰ মাজত কংক্ৰীটৰ ব্যৱহাৰ নকৰাকৈ পৰ্যটকৰ বাবে এক সুন্দৰ পৰিবেশ সৃষ্টি কৰিছে এই ৰেষ্টুৰেন্টখনে।সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত এই ৰেষ্টু্ৰেন্টখনে থলুৱা খাদ্য সম্ভাৰেৰে আপ্যায়ন কৰি আহিছে দেশী বিদেশী পৰ্যটকক।লগতে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা শাক-পাচলিৰে খাদ্য প্ৰস্তুত কৰি আহিছে ৰেষ্টুৰেন্টখনে।আনহাতে ৰেষ্টুৰেন্টখন সম্পূৰ্ণভাৱে প্লাষ্টিকমুক্ত যিয়ে আন এক নিদৰ্শন দাঙি ধৰিছে।অনাগত সময়ত আৰু অধিক মহিলাক এনেদৰে স্বাৱলম্বনৰ পথ দেখুৱাবলৈ চেষ্টা অব্যাহত ৰখাৰ কথা সদৰী কৰে উদ্যমী মহিলা ৰিতা তালুকদাৰে।কাজিৰঙাৰ ৰিতা তালুকদাৰৰ শিকৰ নামৰ এই ৰেষ্টুৰেন্টখন এতিয়া হৈ পৰিছে মহিলা স্বাৱলম্বিতাৰ এক উদাহৰণ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা