কাজলগাঁও স্থিত চিৰাং জিলা প্ৰেছ ক্লাৱত চোৰৰ তাণ্ডৱ
চিৰাং, ১০ ডিচেম্বৰ (হি.স.)। কাজলগাঁও স্থিত চিৰাং জিলা প্ৰেছ ক্লাৱত চোৰৰ তাণ্ডৱ । নিশা চোৰে চিৰাং জিলা প্ৰেছ ক্লাৱৰ তলা ভাঙি প্ৰৱেশ কৰি পানীতোলা মটৰৰ পৰা আৰম্ভ কৰি অন্যান্য সা-সামগ্ৰী চুৰ কৰি লৈ যায় । আজি ৰাতিপুৱা স্থানীয় লোকে প্ৰেছ ক্লাৱৰ তলা ভঙ
কাজলগাঁও স্থিত চিৰাং জিলা প্ৰেছ ক্লাৱত চোৰৰ তাণ্ডৱ


চিৰাং, ১০ ডিচেম্বৰ (হি.স.)। কাজলগাঁও স্থিত চিৰাং জিলা প্ৰেছ ক্লাৱত চোৰৰ তাণ্ডৱ । নিশা চোৰে চিৰাং জিলা প্ৰেছ ক্লাৱৰ তলা ভাঙি প্ৰৱেশ কৰি পানীতোলা মটৰৰ পৰা আৰম্ভ কৰি অন্যান্য সা-সামগ্ৰী চুৰ কৰি লৈ যায় ।

আজি ৰাতিপুৱা স্থানীয় লোকে প্ৰেছ ক্লাৱৰ তলা ভঙা আৰু দৰ্জা খোলা দেখাৰ পিছত এই চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহে । চুৰিকাণ্ড সন্দৰ্ভত প্ৰেছ ক্লাৱৰ পৰা কাজলগাঁও থানাত এজাহাৰ দাখিল কৰা হৈছে ।

উল্লেখ্য যে যোৱা কেইটা মাহ ধৰি চিৰাং জিলা সদৰ কাজলগাঁও থানা এলেকাত নিশাৰ ভাগত চুৰি কাৰ্যৰ দৰে ঘটনা লক্ষ্যণীয় ভাবে বৃদ্ধি পাইছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande