
গোলাঘাট, ১০ ডিচেম্বৰ (হি.স.)। ভাৰতবৰ্ষৰ ভাৰত চৰকাৰৰ অধীনৰ টেলি সংযোগৰ এটা শক্তিশালী মাধ্যম ভাৰত সঞ্চাৰ নিগম লিমিটেড (বিএছএনএল) ৷ এসময়ত এই বিভাগটোৱে টেলি সংযোগত গুৰুত্বপূৰ্ণ আৰু শক্তিশালী ভুমিকা পালন কৰিছিল ৷ কালক্ৰমত কৰ্মচাৰী, চকিদাৰ আৰু চিকিউৰিটী গাৰ্ডৰ অভাৱে বিভাগটোৰ পয়ালগা অৱস্থা হৈছে ৷ যাৰ সুযোগ গ্ৰহণ কৰিছে একাংশ অসৎ আৰু চোৰ প্ৰকৃতিৰ লোকে ৷
বোকাখাতৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষতে থকা ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ বৃহৎ চৌহদটোত চকিদাৰ আৰু চিকিউৰিটী গাৰ্ড নথকাৰ সুযোগ গ্ৰহণ কৰিছে একাংশ চোৰে ৷ নিশাৰ ভাগত চৌহদটোৰ পৰা নোহোৱা হয় মূল্যৱান সম্পদ ৷ বৃহৎ লৌহ গেটখনত তলা ওলমি থাকে যদিও কেনেদৰে মূল্যৱান সম্পদসমূহ নাইকীয়া হয় সিও ৰহস্যৰ আৱৰ্তত ৷ পূৰ্বৰ দৰে মঙ্গলবাৰে নিশাও বহু মূল্যৱান সম্পদ চোৰে চুৰি কৰি নিয়ে ৷ চৌহদটোৰ পৰা মূল্যৱান সম্পদ চুৰিৰ লগতে বিভিন্ন সমস্যাৰ কথা ক'লে বিএচএনএলৰ বোকাখাত শাখাৰ বিষয়াগৰাকীয়ে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা