
ডিব্ৰুগড়, ১০ ডিচেম্বৰ (হি.স.)। সোনোৱালী পথাৰত হাতত কাচি লৈ সোণগুটি চপোৱাত ব্যস্ত দাৱনী। আঘোণৰ সোণোৱালী পথাৰত এতিয়া সোণগুটি বুটলাৰ সময় । হেঁপাহৰ পথাৰত চৌদিশে মাথো পকা ধানৰ আমোলমোল গোন্ধ । আঘোণৰ ভৰপূৰ পথাৰত চৌদিশে সোণগুটি চপোৱাত ব্যস্ত এতিয়া কৃষক-দাৱনী ৷ এই দৃশ্য ডিব্ৰুগড়ৰ জিলাৰ টিংখাঙৰ ধমনৰ কেন্দুগুৰি গাঁৱৰ । হাতত কাচি লৈ সোণগুটি চপোৱাত ব্যস্ত দাৱনীসকল।
হাতত পকা ধানৰ পাতৰ আঁচুৰ ,অথচ বুকুত অপাৰ আনন্দ । হাতৰ মুঠিত আলফুলে বান্ধিছে বছৰযোৰা সপোনবোৰ । মলয়াৰ বা লাগি আনন্দত নাচি উঠা সোণোৱালী লখিমীৰ জিৰজিৰ শব্দ , কাচিৰ খচখচনিয়ে যেন সৃষ্টি কৰিছে এক অনবদ্য সুৰ । ইফালে ব্যস্ততাৰ মাজতে পথাৰত বহি নিমখ - জলকীয়াৰে ৰবাব টেঙাৰ জুতি লৈছে দাৱনীসকলে । আনহাতে ডেকাসকলে দাৱনীয়ে কাটি যোৱা মুঠি মুঠি ধানৰ ডাঙৰি বান্ধি ঘৰলৈ কঢ়িয়াইছে লখিমীক। টিংখাঙৰ ধমন কেন্দুগুৰি গাঁৱৰ কৃষকৰ মুখত বিৰিঙিছে প্ৰাপ্তিৰ হাঁহি। পূৰ্বৰ তুলনাত এইবাৰ যথেষ্ট ভাল হৈছে খেতি ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা