
তামুলপুৰ, ১০ ডিচেম্বৰ (হি.স.)। গোৰেশ্বৰত গাঞ্জা সহ গ্ৰেপ্তাৰ তিনিজনক। গোৰেশ্বৰ আৰক্ষীয়ে তামুলপুৰ আৰক্ষীৰ সহযোগত জব্দ কৰে গাঞ্জাখিনি। বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীৰ দল এটাই ওডালগুৰিৰ পৰা বঙালীপাৰা হৈ বাইহাটা চাৰি আলি অভিমুখে আহি থকা অৱস্থাত আজি কিচুসময়ৰ আগত গোৰেশ্বৰত অভিযান চলাই এ এছ ২৫ ডিচি ৬১১৫ নম্বৰৰ বলেৰ পিক আপ গাড়ীখনৰ পৰা প্ৰায় ৪২ কিলো গাঞ্জা জব্দ কৰে ।
আৰক্ষীৰ চকুত ধূলি দিবলৈ ধান খেৰৰ মাজত লৈ আহিছিল গাঞ্জাখিনি । আৰক্ষীয়ে গাড়ীসহ তামুলপুৰ জিলাৰ গয়বাৰী আৰু গান্ধীবাৰীৰ কমল বড়ো, ধ্ৰুৱজ্যোতি বসুমতাৰী আৰু সোমবৰ বড়ো নামৰ তিনিজন গাঞ্জা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ