
গোৱালপাৰা,১০ ডিচেম্বৰ (হি.স.)। গোৱালপাৰাৰ গোপালপুৰত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ । গোপালপুৰৰ তপন দাসৰ দুটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ উপৰিও হাতীৰ গচকত এটা গাহৰিৰ মৃত্যু হয় ।
তপন দাসৰ গছ-গছনি, শাকনিবাৰীৰো ক্ষতি সাধন কৰে হাতৰ জাকটোৱে ।কালি নিশা এটা বৃহৎ বনৰীয়া হাতীৰ জাকে সমগ্ৰ অঞ্চলটোত পুনৰ প্ৰৱেশ কৰি বহু লোকৰ বিস্তৰ ক্ষতি সাধন কৰিছে । প্ৰায় ৪৮ টা বনৰীয়া হাতীয়ে বিগত দুমাহে মাটিয়া অঞ্চলটোত বিস্তৰ ক্ষতি সাধন কৰি আহিছে । বৰ্তমান হাতীৰ জাকটো মাটিয়া পাহাৰত আশ্ৰয় লৈ আছে । জাকটোক নিৰাপদ স্থানলৈ খেদি পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ