

মৰিগাঁও, ১০ ডিচেম্বৰ (হি.স.)। বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে জাগীৰোডতো উদযাপন কৰা হয় শ্বহীদ দিৱস। জাগীৰোড সমজিলাৰ উদ্যোগত জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা স্বহীদ দিৱসৰ আৰম্ভণিতেই শ্বহীদ বেদীত বন্তি প্ৰজ্বলন, পূষ্পাঞ্জলী অৰ্পণ কৰাৰ লগতে শ্বহীদ সকলক শ্ৰদ্ধাৰে সোঁৱৰে প্ৰশাসনিক বিষয়-ববীয়া, বিশিষ্ট ব্যক্তি তথা স্থানীয় সহস্ৰাধিক ৰাইজে ৷
ইয়াৰ পিছতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে জাগীৰোড সমজিলা আয়ুক্ত হৃদয় কুমাৰ দাসে । পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিত হোৱা এক সভাত ১০৭ গৰাকী ছাত্ৰীয়ে সমস্বৰে পৰিৱেশন কৰে শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক সুধাকণ্ঠৰ কালজয়ী গীতটি। সভাত উপস্থিত থাকে মৰিগাঁও জিলা পৰিষদৰ অধ্যক্ষ অনন্ত গগৈ, জাগীৰোডৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজ্যিত নেওগ, মায়ং আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱাশীষ দাস প্ৰমুখ্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।
হিন্দুস্থান সমাচাৰ / Narayan Kar