টীয়ক সম-জিলা কাৰ্যালয়ৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন
যোৰহাট, ১০ ডিচেম্বৰ (হি.স.)। টীয়ক সম-জিলা কাৰ্যালয়ৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন। অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোত ৰাজ্যত পালন কৰা হয় শ্বহীদ দিৱস।সমগ্ৰ ৰাজ্যৰ লগতে টীয়ক সম-জিলা প্ৰশাসনৰ উদ্যোগত কাকজান মহাবিদ্যালয়
টীয়ক সম-জিলা কাৰ্যালয়ৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন


যোৰহাট, ১০ ডিচেম্বৰ (হি.স.)। টীয়ক সম-জিলা কাৰ্যালয়ৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন।

অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোত ৰাজ্যত পালন কৰা হয় শ্বহীদ দিৱস।সমগ্ৰ ৰাজ্যৰ লগতে টীয়ক সম-জিলা প্ৰশাসনৰ উদ্যোগত কাকজান মহাবিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শ্বহীদ দিৱস।চৰকাৰীভাৱে অনুষ্ঠিত অনুষ্ঠানটোত শ্বহীদৰ পৰিয়ালক পৰিয়ালক সম্বৰ্ধনা আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে শ্বহীদক স্মৰণ কৰা হয়।

উক্ত কাৰ্যসূচীত বৰা গাঁৱত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাইজক সম্বোধন কৰা ভাষণ পোনপটীয়াকৈ উপস্থিত সকলোৱে উপভোগ কৰি শ্বহীদ প্ৰণামো তোমাক গীতেৰে অনুষ্ঠানটি জীপাল কৰি তোলে।অসম উদ্যোগিক আন্তঃগাঁঠনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী,অগপ কেন্দ্ৰীয় সম্পাদক বিকাশ শইকীয়া , টীয়ক পৌৰসভা সভানেত্ৰী লাকী বৰবৰা গগৈ, সম-জিলা আয়ুক্ত মগেন নৰহ , টীয়ক ৰাজহ চক্ৰ বিষয়া বেদান্ত বৰুৱা, অগপ যোৰহাট জিলা সভাপতি সৌৰভ প্ৰাণ বৰা লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উক্ত অনুষ্ঠানত উপস্থিত থাকি শ্বহীদৰ স্মৃতি ৰোমন্থন কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande