
নগাঁও, ১০ ডিচেম্বৰ (হি.স.)। আজি ১০ ডিচেম্বৰ। কেন্দ্ৰীয় শ্বহীদ দিৱস। অস্তিত্ব ৰক্ষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিৱস ১০ ডিচেম্বৰ দিনটো সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে কেন্দ্ৰীয় শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে।
শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সহিতে অসম আন্দোলনৰ ৮৬০ গৰাকী জাতীয় শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে পালন কৰি আহিছে কেন্দ্ৰীয় শ্বহীদ দিৱস। এইবেলি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আৰু কলিয়াবৰবাসীৰ সহযোগত কলিয়াবৰৰ ঐতিহ্যমণ্ডিত গান্ধী খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ