তামুলপুৰত শ্বহীদ দিৱস পালন
তামুলপুৰ, ১০ ডিচেম্বৰ (হি.স.)। আজি অসম চৰকাৰে মহানগৰীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ-ত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন কৰাৰ সমান্তৰালভাৱে ৰাজ্যখনৰ প্ৰতিখন জিলা তথা সমজিলাতো মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে এই শ্বহীদ
তামুলপুৰত শ্বহীদ দিৱস পালন।


তামুলপুৰত শ্বহীদ দিৱস পালন।


তামুলপুৰত শ্বহীদ দিৱস পালন।


তামুলপুৰ, ১০ ডিচেম্বৰ (হি.স.)। আজি অসম চৰকাৰে মহানগৰীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ-ত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন কৰাৰ সমান্তৰালভাৱে ৰাজ্যখনৰ প্ৰতিখন জিলা তথা সমজিলাতো মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে এই শ্বহীদ দিৱস এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত পালন কৰা হয়। তদুপলক্ষে তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ কচুবাৰীস্থিত শ্ৰীশ্ৰীজগন্নাথ আৰু গোপাল থান সত্ৰৰ সভাগৃহত শ্বহীদ দিৱস পালন কৰা হয়‌।

জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে শ্বহীদক পুষ্পাঞ্জলি প্ৰদানেৰে আৰম্ভ কৰা অনুষ্ঠানটোৰ মুখ্য অতিথিৰ আসনৰ পৰা ঐতিহাসিক দৃষ্টিকোণেৰে শ্বহীদ দিৱসৰ মহৎ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে উল্লেখ কৰে, যি ঠাইত বীৰৰ পূজা হয়, সেই ঠাইতেই বীৰৰ জন্ম হয়। তেওঁ ছবছৰীয়া অসম আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৬০গৰাকী বীৰ শ্বহীদৰ আত্মত্যাগ আৰু অৱদানৰ কথা সোঁৱৰাৰ উপৰি তামুলপুৰৰ বীৰ শ্বহীদ প্ৰমোদ কলিতা, থানেশ্বৰ দাস, বগা কাকতি, পৰশুৰাম পাটোৱাৰী, প্ৰফুল্ল ৰাজবংশী আদিৰ অনন্য অৱদানৰ কথাও শ্ৰদ্ধাৰে সোঁৱৰে। আজিৰ অনুষ্ঠানত জিলাখনৰ ১২টা শ্বহীদ পৰিয়ালক জিলা প্ৰশাসনে সম্বৰ্ধনা জনায়। সভাৰ শেষৰ ফালে তামুলপুৰৰ একাংশ সাংস্কৃতিক কৰ্মী আৰু ছাত্ৰ-ছাত্ৰীয়ে সুধাকণ্ঠৰ শ্বহীদ প্ৰণামো তোমাক গীতটো পৰিৱেশন কৰে। উল্লেখ্য যে আজিৰ অনুষ্ঠানত অসম চৰকাৰৰ পশ্চিম বৰাগাঁৱত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানটিও ভাৰ্চুৱেলী প্ৰদৰ্শন কৰা হয়। আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপৰি ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ পাৰিষদ লক্ষী (ভজন) দাস, জ্যেষ্ঠ আৰক্ষী অধীক্ষক টাবুৰাম পেগু, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীবৰ্গ, বিভিন্ন বিভাগৰ বিষয়াবৰ্গ, ছাত্ৰ সন্থাৰ বিষয়াবৰ্গ আদিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande