ৰঙিয়াত শ্বহীদ দিৱস উদযাপন
কামৰূপ, ১০ ডিচেম্বৰ (হি.স.)। ৰঙিয়াত আজি শ্বহীদ দিৱস উদযাপন। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰঙিয়া সমজিলা প্ৰশাসনৰ উদ্যোগত এই শ্বহীদ দিৱস উদযাপন। অসম আন্দোলনত স্বজাতিৰ হকে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আত্মবিসৰ্জন দিয়া মহান শ্বহীদসকলৰ ত্যাগ আৰু অন্যন্য অৱদান
ৰঙিয়াত শ্বহীদ দিৱস উদযাপন


কামৰূপ, ১০ ডিচেম্বৰ (হি.স.)। ৰঙিয়াত আজি শ্বহীদ দিৱস উদযাপন। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰঙিয়া সমজিলা প্ৰশাসনৰ উদ্যোগত এই শ্বহীদ দিৱস উদযাপন। অসম আন্দোলনত স্বজাতিৰ হকে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আত্মবিসৰ্জন দিয়া মহান শ্বহীদসকলৰ ত্যাগ আৰু অন্যন্য অৱদানক সোঁৱৰি এই দিৱস উদযাপন।

ৰঙিয়া মহাবিদ্যালয় খেল পথাৰত আয়োজন কৰা হল এই দিৱস। আনহাতে এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতা, ৰঙিয়া সমজিলা আয়ুক্ত দেৱাশীষ গোস্বামী,কামৰূপ জিলা পৰিষদৰ সভাপতি নিপন ভূঞা, ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ সহিতে ৰঙিয়া সমজিলাৰ বিভিন্ন গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।অনুষ্ঠানৰ শেষত ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাই সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও মন্তব্য প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande