আমৰাঙ্গা বৰিহাট শাখা ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় শ্বহীদ দিৱস পালন
কামৰূপ, ১০ ডিচেম্বৰ (হি.স.)। বৃহত্তৰ আমৰাঙ্গা- বৰিহাট শাখা ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন।বুধবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যতে পালন কৰা হয় কেন্দ্ৰীয় শ্বহীদ দিৱস। সমান্তৰালকৈ দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ অন্তৰ্গত আমৰাঙ্গা বৰিহাট শাখা ছা
আমৰাঙ্গা বৰিহাট শাখা ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় শ্বহীদ দিৱস পালন


কামৰূপ, ১০ ডিচেম্বৰ (হি.স.)। বৃহত্তৰ আমৰাঙ্গা- বৰিহাট শাখা ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন।বুধবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যতে পালন কৰা হয় কেন্দ্ৰীয় শ্বহীদ দিৱস।

সমান্তৰালকৈ দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ অন্তৰ্গত আমৰাঙ্গা বৰিহাট শাখা ছাত্ৰ সন্থাৰ উদ্যোগতো পালন কৰা হয় কেন্দ্ৰীয় শ্বহীদ দিৱস। ইয়াৰ লগত সংগতি ৰাখি ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, অসম আন্দোলনক সুঁৱৰি ছবি প্ৰদৰ্শন, হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।সন্ধিয়া শ্বহীদ সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰাৰ লগতে আয়তীৰ দ্বাৰা নাম পৰিবেশন কৰা হ'ব বুলি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে জানিব দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande