
চিৰাং, ১০ ডিচেম্বৰ (হি.স.)। সমগ্ৰ অসমৰ লগতে চিৰাং জিলা বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আজি শ্বহীদ দিৱস উদযাপন কৰে। শ্বহীদ দিৱস উপলক্ষ্য বিজনীৰ শ্বহীদ পৰিয়ালৰ সকলৰ লগতে অসম আন্দোলনৰ সময়ত নিৰ্যাতিত হোৱা ব্যক্তি সকলক সম্বৰ্ধনা জ্ঞাপন কৰে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই। কেন্দ্ৰীয় সংগঠনিক সম্পাদক সুদীপ চন্দ কয় যে অস্তিত্ব ৰক্ষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিৱস ১০ ডিচেম্বৰ দিনটো সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে।
শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সৈতে অসম আন্দোলনৰ ৮৬০ গৰাকী জাতীয় শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ অসম ছাত্ৰ সন্থাই । ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সংগঠনিক সম্পাদক সুদীপ চন্দই অভিযোগ কৰি কয় যে অসম চুক্তিৰ ৪০ বছৰ পৰা হ’ল। ৪০টা বছৰে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰতহে একো নহ’ল। অসম চুক্তি ৰূপায়ণ কৰিব পৰা নাই এই শাসনাধিষ্ঠ চৰকাৰ খনে । বিদেশী নাগৰিক সকলক চিনাক্তকৰণ কৰি বহিস্কাৰ কৰাত ব্যৰ্থ হোৱাৰ লগতে অসম চুক্তিৰ মূল দফা সমূহ ৰূপায়ণ কৰাৰ দাবি কেন্দ্ৰীয় সংগঠনিক সম্পাদক সুদীপ চন্দৰ ।লগতে ব্যক্ত কৰে যে চৰকাৰ তথা প্ৰশাসনৰ উদ্যোগত প্ৰতিখন জিলাত শ্বহীদ দিৱস উদযাপন কৰা বাবে আছুৰ সংগধনিক সম্পাদক গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে । লগতে কয় যে বিভিন্ন আঁচনি সমুহৰ প্ৰলভনেৰে আত্মসহায়ক গোট সমূহ ক শ্বহীদ সকলক স্মৰণ কৰাৰ উদ্দেশ্যে সকলোৰে আপোন অসমী আই গাণ - শ্বহীদ প্ৰণামো তোমাক গীত পৰিবেশন কৰাবলৈ অনা বুলি মন্তব্য কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ