ধূপধৰাত ড্ৰাগছৰ সৈতে ড্ৰাগছ সৰবৰাহকাৰীক আটক
গোৱালপাৰা, ১০ ডিচেম্বৰ (হি.স.)। গোৱালপাৰা জিলাৰ ধূপধৰাত নিশা ড্ৰাগছৰ সৈতে ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ধূপধৰা আৰক্ষীয়ে । এক বিশেষ সূত্ৰৰ পম খেদি ধূপধৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ নাথৰ নেতৃত্বত ধূপধৰা আৰক্ষীৰ দল এটাই অভিযান চলায় এই সফল
ধূপধৰাত ড্ৰাগছৰ সৈতে ড্ৰাগছ সৰবৰাহকাৰীক আটক


গোৱালপাৰা, ১০ ডিচেম্বৰ (হি.স.)। গোৱালপাৰা জিলাৰ ধূপধৰাত নিশা ড্ৰাগছৰ সৈতে ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ধূপধৰা আৰক্ষীয়ে । এক বিশেষ সূত্ৰৰ পম খেদি ধূপধৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ নাথৰ নেতৃত্বত ধূপধৰা আৰক্ষীৰ দল এটাই অভিযান চলায় এই সফলতা লাভ কৰে।

আৰক্ষীৰ দলটোৱে ধূপধৰাৰ চাপ্লাই অঞ্চলত তহল দি থকাৰ সময়তে এ এছ ০১ ডিটি ৯১৬৪ নম্বৰ বাইকেৰে অহা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিব লৈ সক্ষম হয় । ড্ৰাগছ সৰবৰাহকাৰী জন ধানবাৰীৰ নীলচান আলী (২৭)। বুলি জানিব পৰা গৈছে। নীলচানৰ বেগৰ পৰা ১০০ টা কোডেইন ফছফেট ছিৰাপ উদ্ধাৰ কৰিব লৈ সক্ষম হয় আৰক্ষীয়ে । আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীটোক অধিক তথ্যৰ বাবে জেৰা চলায় আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande