
গোলাঘাট, ১০ ডিচেম্বৰ (হি.স.)।্য কালি নিশা বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত চালক হেণ্ডিমেনসহ দুজন লোক থিতাতে নিহত হয় ৷ নগাঁও ডবকাৰ পৰা চিমেন্ট ভৰ্তি এ এছ ০৩ বিচি ৩৪৫১ নম্বৰৰ ট্ৰাকখন যোৰহাটলৈ বুলি আহি থকা অৱস্থাত বোকাখাতৰ লতাবাৰীৰ ৰয়েল আৱাসৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰে ৷
ট্ৰাকখনৰ ষ্টেৰিঙত খুন্দা খাই চালকজন থিতাতে নিহত হোৱাৰ লগতে হেণ্ডিমেনজনক চিমেন্টে হেচি ধৰাৰ ফলত থিতাকে নিহত হয় ৷ পৰৱৰ্তি সময়ত বোকাখাত আৰক্ষী আৰু যানবাহন শাখাৰ আৰক্ষী উপস্থিত হৈ জেচিবিৰ সহায়ত মৃত অৱস্থাত চালক আৰু হেণ্ডিমেনক উদ্ধাৰ কৰে ৷ চালক আৰু হেণ্ডিমেন দুয়োজনকে নগাঁও ডবকাৰ বুলি জানিব পৰা গৈছে যদিও তেওঁলোকৰ পৰিচয় বৰ্তমানো জানিব পৰা হোৱা নাই ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ