ৰহাত বন্যহস্তীৰ উপদ্ৰৱ
নগাঁও, ১০ ডিচেম্বৰ (হি.স.)। ৰহাত বন্যহস্তীৰ উপদ্ৰৱ।পথাৰত কৃষকে পেলাইছে হুমুনিয়াহ। শেহতীয়াকৈ নগাঁও জিলাৰ কন্দলি পাহাৰৰ পৰা নামি অহা প্ৰায় এশৰো অধিক বন্যহস্তীয়ে চকুৰ টোপনি কাঢ়িছে ৰহাৰ কজলাজান, উদৰভেটি, খান্দহখোৱাআটি, মানুহপোৰা, জাকৰুৱা, পেটবঢ়া
ৰহাত বন্যহস্তীৰ উপদ্ৰৱ


নগাঁও, ১০ ডিচেম্বৰ (হি.স.)। ৰহাত বন্যহস্তীৰ উপদ্ৰৱ।পথাৰত কৃষকে পেলাইছে হুমুনিয়াহ। শেহতীয়াকৈ নগাঁও জিলাৰ কন্দলি পাহাৰৰ পৰা নামি অহা প্ৰায় এশৰো অধিক বন্যহস্তীয়ে চকুৰ টোপনি কাঢ়িছে ৰহাৰ কজলাজান, উদৰভেটি, খান্দহখোৱাআটি, মানুহপোৰা, জাকৰুৱা, পেটবঢ়া আদি কেইবাখনো গাঁৱৰ ৰাইজৰ। আজি কিছুদিন ধৰি বন্যহস্তীৰ জাকে ৰহা নিকটৱৰ্তী উদৰভেটি ৰৌমাৰী বিলৰ পাৰত উপস্থিত হৈ দিনটো বিলৰ পাৰতে আশ্ৰয়লৈ সন্ধিয়া হ'লেই ওচৰৰ গাঁওবোৰত চলাই লণ্ড-ভণ্ড।

বনৰীয়া হাতীৰ জাকটোৱে সন্ধিয়া হ'লে পথাৰৰ ধান খায় তহিলং কৰা লগতে ঘৰত আনিথোৱা ধানে খাই কৰিছে নষ্ট। বিগত সপ্তাহদিয়েকৰ পৰা বন্যহস্তীৰ এনে উপদ্ৰবৰ পৰা নিশা টোপনি হৰিছে ৰহা জাগীয়াল মৌজাৰ প্ৰায় বিশখনোৰ অধিক গাঁৱৰ ৰাইজৰ। অন্যহাতে নগাঁও বনবিভাগে খবৰ পাই ঘটনাস্থলীত উপস্থিত হ'লেও নিশাৰ আন্ধাৰত বৃহৎ হাতী জাকটো বহুকেইটা ভাগত ভাগ হৈ পৰাত বিমোৰত পৰে বন বিভাগৰ কৰ্মচাৰী সকলক। ফলত খেতি পথাৰ তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande