জনজাতিকৰণৰ দাবীত লংকাত হোজাই জিলা কোচসকলৰ প্ৰতিবাদ
হোজাই, ১০ ডিচেম্বৰ (হি.স.)। জনজাতিকৰণৰ দাবীত লংকাত আজি হোজাই জিলা কোচসকলৰ প্ৰতিবাদ। লংকাৰ কাকী টিলা বজাৰ দহলাপাৰাত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ কোচ জনগোষ্ঠীৰ। ৰাজবংশী আৰু কোচ সকল পৃথক পৃথক জনগোষ্ঠী যাৰ বাবে কোচ ৰাজবংশীসকলৰ লগতে কোচসকলকো পৃথকে জ
জনজাতিকৰণৰ দাবীত লংকাত হোজাই জিলা কোচসকলৰ প্ৰতিবাদ


হোজাই, ১০ ডিচেম্বৰ (হি.স.)। জনজাতিকৰণৰ দাবীত লংকাত আজি হোজাই জিলা কোচসকলৰ প্ৰতিবাদ। লংকাৰ কাকী টিলা বজাৰ দহলাপাৰাত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ কোচ জনগোষ্ঠীৰ।

ৰাজবংশী আৰু কোচ সকল পৃথক পৃথক জনগোষ্ঠী যাৰ বাবে কোচ ৰাজবংশীসকলৰ লগতে কোচসকলকো পৃথকে জনজাতি মৰ্যাদা প্ৰদানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক কোচ সম্প্ৰদায়ৰ পুৰুষ মহিলাই।চুবুৰীয়া ৰাজ্য মেঘালয়ত যিদৰে কোচসকলক পৃথকে মৰ্যাদা প্ৰদান কৰা হৈছে তেনেকৈ অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰেও কোচসকলক সুকীয়া মৰ্যাদা প্ৰদান কৰাৰ আহ্বান কোচ ৰাইজৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande