ৰাইজৰ বাবে মুকলি কৰিলে গেলেকীৰ কমলাবাৰীৰ বনভোজ স্থলী
শিৱসাগৰ, ১০ ডিচেম্বৰ (হি.স.)। ৰাইজৰ বাবে মুকলি কৰিলে গেলেকীৰ কমলাবাৰীৰ বনভোজ স্থলী। গেলেকীৰ কমলাবাৰীত অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তিৰ শিলান্যাস। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ শিৱসাগৰ জিলা সমিতি উদ্যোগত স্থাপন হব লগা প্ৰতিমূৰ্
ৰাইজৰ বাবে মুকলি কৰিলে গেলেকীৰ কমলাবাৰীৰ বনভোজ স্থলী


শিৱসাগৰ, ১০ ডিচেম্বৰ (হি.স.)। ৰাইজৰ বাবে মুকলি কৰিলে গেলেকীৰ কমলাবাৰীৰ বনভোজ স্থলী। গেলেকীৰ কমলাবাৰীত অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তিৰ শিলান্যাস। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ শিৱসাগৰ জিলা সমিতি উদ্যোগত স্থাপন হব লগা প্ৰতিমূৰ্ত্তিৰ শিলান্যাস কৰে নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰামে।

শীতৰ আগমনৰ লগে লগে অসমবাসীৰ মনত বনভোজৰ হাবিয়াস জাগি উঠে৷ বছৰটোৰ প্ৰথম আৰু শেষৰফালে বনভোজৰ বাবে সময়োচিত হৈ পৰে ৷ যাৰ বাবে এই সময়ছোৱাত বনভোজ স্থলী সমূহত বিভিন্ন বনভোজ দল সমূহে ভীৰ কৰা পৰিলক্ষিত হয় ৷ বিশেষকৈ মঙ্গল বাৰে শিৱসাগৰ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ গেলেকী কমলাবাৰী বনভোজস্থলী পুনৰ ৰাইজৰ বাবে মুকলি কৰে নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰামে৷

আয়ুক্ত গৰাকীয়ে মুকলি কৰা কমলাবাৰী বনভোজস্থলী প্ৰাকৃতিক সম্পদৰে ভৰপূৰ হৈ থকা কমলাবাৰীৰ বিশেষ নাম আছে । ব্যস্ততাময় সমাজৰ পৰা আঁতৰি প্ৰকৃতিৰ মাজত সময় কটাব বিচাৰি বহুলোকেই কমলাবাৰীলৈ আহে ।প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ উঠা গেলেকী কমলাবাৰী প্ৰতিবছৰে হাজাৰ হাজাৰ লোকে ভিৰ কৰে। কমলাবাৰীত থকা সুউচ্চ টাৱাৰৰ পৰা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ সুন্দৰ দৃশ্য উপভোগ কৰিব পৰা যায় ৃ। অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ থকা কমলাবাৰীৰ সৌন্দৰ্যই প্ৰতিজন পৰ্যটককে আকৰ্ষিত কৰি আহিছেফল মূলৰ পৰা ঔষধি গুণ সম্পন্ন প্ৰতিজোপা গছেই উপলব্ধ গেলেকী কমলাবাৰী পূৰ্বৰ দৰে এইবছৰো পৰ্যটকৰ বাবে মুকলি কৰিলে কমলাবাৰী নীতি-নিয়মৰ মাজেৰে পূজা অৰ্চনা কৰি, ডাঙৰীয়া পুখুৰীত দুটাকৈ হাঁহ মুকলি কৰি শুভাৰম্ভ কৰিলে কমলাবাৰী বনভোজস্থলী। ইয়াৰ পাছতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন কৰি শিল্পী গৰাকীৰ প্ৰতিমূৰ্তিৰ নিৰ্মাণৰ শিলান্যাস কৰে নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰামে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande