এটি চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ আছে এগৰাকী বিধৱা মহিলা
দৰং, ১০ ডিচেম্বৰ (হি.স.)। দীৰ্ঘদিন ধৰি বাটকুৰি বাই ও এটি চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ আছে এগৰাকী বিধৱা মহিলা। এয়াই হৈছে উন্নয়নৰ ধাক ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ নমুনা। মঙ্গলদৈৰ পকাবাঙিপৰা গাঁৱৰ দৰিদ্ৰ বিধবা মহিলা এগৰাকীয়ে এতিয়ালৈকে লাভ কৰা নাই চৰকাৰ
এটি চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ আছে এগৰাকী বিধৱা মহিলা


দৰং, ১০ ডিচেম্বৰ (হি.স.)। দীৰ্ঘদিন ধৰি বাটকুৰি বাই ও এটি চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ আছে এগৰাকী বিধৱা মহিলা।

এয়াই হৈছে উন্নয়নৰ ধাক ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ নমুনা।

মঙ্গলদৈৰ পকাবাঙিপৰা গাঁৱৰ দৰিদ্ৰ বিধবা মহিলা এগৰাকীয়ে এতিয়ালৈকে লাভ কৰা নাই চৰকাৰী ঘৰ। ঘৰখনত থকা বৃদ্ধা মহিলাৰ নাই অৰুনোদই আঁচনি। সোন্টি বৰুৱা নামৰ মহিলা গৰাকীৰ স্বামীৰ মৃত্যুৰ পিছত ঘৰখনত উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছিল। সোন্টি বৰুৱাই হাজিৰা ঠিকা কৰি একমাত্ৰ সন্তান আৰু এগৰাকী বৃদ্ধা বাইদেৱেকৰ সতে পৰিয়াল পোহপাল দি আহিছে।

কিন্তু বহু বাৰ বিভাগক চৰকাৰী ঘৰ এটিৰ বাবে আবেদন জনোৱাৰ পিছতো ঘৰ পাবলৈ সক্ষম নহ'ল সোন্টি বৰুৱাৰ পৰিয়াল। বাইদেৱেক চৰকাৰী ঘৰ পোৱাৰ তালিকাত নাম আছিল যদিও ঘৰ নাপালে বৰ্তমানলৈ। বিভাগীয় কাৰ্য্যালয়ত গলে কয় ঘৰৰ নাম আছে ঘৰ হৈ যাব। বিভাগৰ শান্তনাতে ঘৰ পোৱাৰ শান্তি লৈ আছে পৰিয়াল টোৱে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande