
কোকৰাঝাৰ, ১০ ডিচেম্বৰ (হি.স.)। কোকৰাঝাৰত ব্ৰাউফেদৰ উদ্ধোগত ৰাজ্যিক হস্ত্ৰতাঁত বস্ত্ৰ মেলা। কোকৰাঝাৰ ৰাস মেলা পথাৰত অনুষ্ঠিত বস্ত্ৰ মেলাত অংশগ্ৰহণ বি টি চিৰ কাৰ্যবাহী সদস্য বেগম আখতাৰাৰ ।
হস্ত্ৰতাঁত বস্ত্ৰ বিভাগৰ নতুনকৈ দায়িত্ব বহন কৰা কাৰ্যবাহী সদস্য বেগম আখতাৰাই মন্তব্য আগবঢ়াই কয় যে বি টি চিৰ শিপিনী আৰু বোৱনী সকলে বোৱা কাপোৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত উপলব্ধৰ ব্যবস্তা কৰা হব।
এপছৰ জড়িয়তে কাপোৰৰ অনলাইন বেচা কিনা তথা কৰিব পৰা ব্যবস্থা কৰি শিপিনী সকলক সংস্থাপন দিয়া পদক্ষেপ গ্ৰহণ কৰা হব।
বড়োলেণ্ডৰ শিপিনী বোৱনী সকলৰ বহু পাৰদৰ্শিতা আছে। তেওঁলোকে কেৱল কাপোৰে নহয় ডাইৰী কভাৰ, ফাইল কভাৰ ইত্যাদি প্ৰস্তুত কৰিব জানে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা